ইচ্ছা নকৰিলেও শংকৰজ্যোতি বৰুৱা যাবই লাগিব৷ তেওঁৰ ওপৰত ক্ৰমশঃ হেঁচা প্ৰয়োগ কৰিব আছু নেতৃত্বই৷ সমুজ্জ্বল ভট্টাচাৰ্যৰ কথা অমান্য কৰা শংকৰজ্যোতিয়ে মানিব লাগিব উৎপল শৰ্মাৰ নিৰ্দেশ৷
সেই অনুসৰি পৰিকল্পনা আগবঢ়াই নিছে সংগঠনটোৰ বিশেষ ফৈদে৷ সেয়ে সাজু কৰি তোলা হৈছে দুজন বিশেষ নেতাক৷ উৎপল শৰ্মাৰ ঘনিষ্ঠ হিচাপে পৰিচিত দুয়োজন নেতাই ইতিমধ্যে লাভ কৰিছে যাৱতীয় নিৰ্দেশ৷
আছুৰ সভাপতি উৎপল শৰ্মাই নিৰ্দেশ প্ৰেৰণ কৰা প্ৰথমজন নেতা হৈছে ছজন হাঞ্চে৷ এইজন জনজাতীয় নেতা অধ্যয়নৰ সময়ত আছিল উৎপল শৰ্মাৰ ৰূমমেট৷ বৰ্তমান তেওঁ ডিফু আদালতত অধিবক্তা হিচাপে কৰ্মৰত৷
সেইজন ৰূমমেট হাঞ্চেকে ইন’ভা ভাৰা কৰিবলৈ জৰুৰী হুকুম দিছে উৎপল শৰ্মাই৷ হোষ্টেলৰ ছিনিয়ৰ শৰ্মাৰ কথামতে হাঞ্চেই ইন’ভা ভাৰা কৰিছে৷ গুৱাহাটী যাত্ৰাৰ বাবে সাজু হৈছে ছজন হাঞ্চে৷
খবৰ অনুসৰি শীঘ্ৰে হাঞ্চেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হ’ব৷ শংকৰজ্যোতি বৰুৱাই পদত্যাগ কৰাৰ পিছতে হাঞ্চেই দায়িত্ব গ্ৰহণ কৰিব৷ তেওঁৰ কাৰ্যকাল হ’ব সৰ্বাধিক ছমাহ৷
সেই উদ্দেশ্যেই বৰ্তমান শংকৰজ্যোতি বৰুৱাৰ ওফৰত বৃদ্ধি কৰা হৈছে হেঁচা৷ শীঘ্ৰে যাতে তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হয় সেয়ে ওপৰৰ পৰা দিয়া হৈছে হেঁচা৷
আনহাতে হাঞ্চেই কিছুদিনৰ বাবে কাৰ্যনিৰ্বাহ কৰাৰ পিছত ঘনিষ্ঠ সমীৰণ ফুকনক শংকৰজ্যোতিৰ স্থলাভিষিক্ত কৰাৰ পৰিকল্পনা কৰিছে উৎপল শৰ্মাই৷ শিৱসাগৰৰ সমীৰণৰ নাম বিগত বৰ্ষতে সাধাৰণ সম্পাদক পদৰ বাবে উচ্চাৰিত হৈছিল৷ কিন্তু আছুৰ শক্তিশালী লবীয়ে তেওঁক বঞ্চিত কৰিলে৷
ফুকন আকৌ বৰ্তমান আছুৰ সহকাৰী সাধাৰণ সম্পাদক আৰু কাৰ্যনিৰ্বাহক সদস্য৷ তেওঁ উৎপল শৰ্মাৰ ঘনিষ্ঠ হিচাপে পৰিচিত৷ সেই ফুকনক শংকৰজ্যোতিৰ ঠাইত অধিষ্ঠিত কৰিব উৎপল শৰ্মাই৷ তাৰ বাবে চলি আছে প্ৰস্তুতি৷