ঔষধৰ দাম আকৌ বাঢ়িব

চুমি-বিশালহঁতৰ কোটিটকীয়া কথাবোৰ বাদ দিয়ক, নিজৰ কথা ভাবক
আপুনি কিছুদিনৰ পিছৰ পৰা ফাৰ্মাচীত সৰহীয়াকৈ ঔষধ কিনিলেও ডিছকাউণ্ট বিচাৰিব নোৱাৰিব৷ দৰৱৰ পাইকাৰী বিক্ৰী কৰা ফাৰ্মাচীত ঔষধ কিনি ১০ বা ১৫ পাৰ্চেণ্ট ৰেহাই লাভ কৰাৰ আশা আৰু নকৰিব৷ কিয়নো অসমৰ দৰৱ বিক্ৰেতাই ডিছকাউণ্ট বন্ধ কৰিবলৈ সিদ্ধান্ত লৈছে৷ সকলো ব্যৱসায়ীয়ে একগোট হৈ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ডিছকাউণ্ট৷
গতিকে হোলছেল দোকানত মাহিলী প্ৰয়োজনীয় ঔষধ ক্ৰয় কৰিলেও ডিছকাউণ্ট নাপাব৷ আনহাতে কোনোবাই কোটিটকা আত্মসাৎ কৰাৰ খবৰ ওলাই থকাৰ সময়তে হোৰাহোৰে বাঢ়িছে দৰৱৰ দাম৷ চকু চাফা কৰা আইড্ৰ’পৰ তিনিমাহৰ পূৰ্বে দাম আছিল ১০৫ টকা৷ কিন্তু কিছুদিনৰ পিছতে দাম বাঢ়ি হ’লগৈ ১১৮ টকা৷
চেলাইন দিয়াৰ বাবে ব্যৱহৃত কেনুলাৰ এবছৰ আগলৈ দাম আছিল ৭৬ টকা৷ সেই দাম বঢ়াই ২২৫ টকা কৰিছিলগৈ উৎপাদনকাৰীয়ে৷ কিন্তু এতিয়া কেনুলাৰ দাম হৈছেগৈ ৩০০ টকা৷
চেলাইন দিয়াৰ বাবেই প্ৰয়োজনীয় পাইপ অৰ্থাৎ ড্ৰিপছেটৰ দামো ৫০ টকাৰ পৰা ডেৰশ টকা হ’লগৈ৷ একেদৰে ৰোগীক প্ৰস্ৰাৱ কৰাবলৈ প্ৰয়োজনীয় কেথেটাৰ আৰু প্লাষ্টিকৰ বেগটোৰ দামো তিনিমাহৰ ভিতৰতে ২০ শতাংশ বৃদ্ধি হ’ল৷
আনহাতে চৰকাৰে চলাই আছে সৰ্পদংশনৰ সজাগতা৷ কিন্তু ব্যক্তিগত হাস্পতালত এণ্টিভেনম লোৱাও দৰিদ্ৰৰ বাবে সম্প্ৰতি সম্ভৱ নহয়৷
তিনিমাহৰ আগলৈ ৪৫০ টকাত উপলব্ধ এণ্টিভেনমৰ বৰ্তমানৰ দাম প্ৰায় ৭০০ টকা৷ গতিকে কথাবোৰ ভাবক৷ বিশাল-চুমিৰ কথা চিন্তা কৰিবলৈয়ো এৰক৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email