আধাতে নিজম পৰিল মিঞা খেদা আন্দোলন৷ উজনি অসম মিঞামুক্ত কিন্তু নহ’ল৷
পিছে
উজনিৰে এটা বিখ্যাত অঞ্চল দখল কৰিলে মিঞাই৷ ডিব্ৰুগড় আৰু শিৱসাগৰৰো একাংশ সামৰি থকা মৰাণৰে বিস্তৃত অংশ মিঞাই দখল কৰিছে৷ কিন্তু সেইসকল কাম কৰিবলৈ অস্থায়ীভাৱে থকা মিঞা নহয়৷ মৰাণৰ মিঞা হৈছে জোঁৱাই৷
বৰপেটা আৰু বঙাইগাঁৱৰ মিঞা লোকসকলে পূৰ্বে মৰাণত মাছৰ ব্যৱসায় কৰিছিল৷ নামনিৰ পৰা চহৰখনলৈ মাছ নিছিল মিঞা বেপাৰীয়ে৷ কিন্তু পিছলৈ মাছৰ বজাৰ প্ৰায় দখল কৰিলে মিঞা বেপাৰীয়ে৷ লগতে মৰাণতে অস্থায়ীভাৱে থাকি মাছৰ বেপাৰ কৰিবলৈ ল’লে তেওঁলোকে৷
বিগত ১০ বছৰৰ ভিতৰত নামনিৰ মিঞা বেপাৰীয়ে মৰাণৰ গৰিয়া যুৱতীৰে বিবাহ সম্পন্ন কৰিছে৷ উজনিৰ বহু পুৰণি খিলঞ্জীয়া মুছলমান পৰিয়ালৰ কন্যাৰ সৈতে মিঞাৰ বৈবাহিক সম্পৰ্ক স্থাপিত হৈছে৷
সেয়ে মৰাণত ঘৰ জোঁৱাই হৈছে নামনিৰ মিঞা৷ যোৱা চাৰি বছৰৰ ভিতৰতে কমেও ২০০ মিঞা পুৰুষ আৰু স্থানীয় গৰিয়া যুৱতীৰ বিয়া হৈছে৷ কিন্তু পত্নীক নামনিৰ ঘৰলৈ নিয়া নাই মিঞা মাছ বেপাৰীয়ে৷ তাৰ সলনি ৯০ শতাংশ মিঞা দৰা মৰাণতে চপনীয়া চাপিছে৷
গতিকে মৰাণত প্ৰায় অস্তিত্ব নাশ হৈছে খিলঞ্জীয়া মুছলমানৰ৷ মিঞা স্বামীয়ে প্ৰায় গিলি পেলাইছে গৰিয়াৰ অস্তিত্ব৷
ডিমাপুৰত চেমা সম্প্ৰদায়ৰ যুৱতীৰ সৈতে মিঞা যুৱকৰ সঘন বিয়াৰ ফলত ইতিমধ্যে সৃষ্টি হৈছে চেমামিঞা নামৰ সম্প্ৰদায়টো৷ মৰাণতো অনুৰূপ পৰিস্থিতিৰে সৃষ্টি হৈছে৷
মৰাণত গৰিয়াৰ অস্তিত্ব নাশ
