মাইকেল অপমানিত হ’ল৷ প্ৰথমবাৰলৈ আছুত নৰজিল মাইকেলৰ কথা৷ আগতে ছাত্ৰ সংগঠনটোত মাইকেলৰ কথাই আছিল নিয়ম৷ কোৱা হয়, স্থান এৰিলে মান যায়৷ কিন্তু স্থান খামোচ মাৰি ধৰি থকাৰ ফলতহে সন্মান হানি হৈছে মাইকেলৰ৷
ইতিমধ্যেই সংবাদ প্ৰচাৰিত হৈছে- শংকৰজ্যোতি ভূঞাক আছুৰ পৰা পদত্যাগৰ নিৰ্দেশ দিছিল অগ্ৰজ নেতাই৷ কিন্তু তেওঁ নকৰিলে৷
কথা সিমানতে শেষ হোৱা নাই, শংকৰজ্যোতি ভূঞাই শক্তি প্ৰদৰ্শন কৰি গুৱাহাটীত ৰাখিছেগৈ কেবাজনো সতীৰ্থক৷ গতিকে প্ৰমাণিত হৈ গৈছে- ইতিমধ্যে আছুত চাউল উকলি গৈছে মাইকেলৰ৷
শংকৰজ্যোতি ভূঞা অধ্যায়ে প্ৰতিপন্ন কৰিলে এই নিষ্ঠুৰ সত্য৷ বিগত সময়ত কেবাবাৰো আছুত্যাগৰ ঘোষণা কৰিও বিশেষ নেতাজনে পদত খামোচ মাৰি ধৰি আছিল৷ দুধনৈৰ পৰা দুলীয়াজান আৰু মৰিগাঁৱৰ অধিৱেশনপৰ্যন্ত কেবাবাৰো মাইখেল বুলি পৰিচিত নেতাজনে সংগঠন ত্যাগৰ ঘোষণা কৰিছিল৷
কিন্তু কালীসাধকৰ হতুৱাই তন্ত্ৰ-মন্ত্ৰ কৰায়ো সংগঠনটোত ম্যাদীপট্টা মাটিৰ দৰে খামোচ মাৰি ধৰি আছিল মাইকেলে৷ তেওঁৰ কথামতেই সংগঠনৰ পৰা বহিষ্কাৰ কৰা হৈছিল বিৰোধী নেতাক৷
কিন্তু শংকৰজ্যোতিয়ে মাইকেলৰ কথা নুশুনিলে৷ তেওঁ উৰাই দিলে মাইকেলৰ নিৰ্দেশ৷ মাইকেলেও বুজি পাইছে- মোৰ দিন উকলিল৷