একত্ৰীকৰণ হ’বই৷ যদি প্ৰমোদ আৰু হাগ্ৰামাৰ একত্ৰীকৰণ নহয়, তেনেহ’লেও BTCত আৰম্ভ হ’বই মিত্ৰতাৰ ৰাজনীতি৷ প্ৰয়োজনসাপেক্ষে ঘোৰশত্ৰুকো বুকুৰ মাজত সুমুৱাই ল’ব হাগ্ৰামাই৷ তথাপি কৰিব মিত্ৰতাৰ ৰাজনীতি৷
দিছপুৰৰ নিৰ্দেশক্ৰমে একত্ৰীকৰণৰ পৰ্ব আৰম্ভ হোৱাৰ পিছত বাৰম্বাৰ কথা পাতিছে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ প্ৰতিনিধিয়ে৷ UPPL আৰু BPFৰ একত্ৰীকৰণৰ অৰ্থে চলি আছে আলোচনা৷ বঙাইগাঁও শোধনাগাৰৰ মানস অতিথিশালাৰ বিশেষ এটা কক্ষ বড়োভূমিৰ ৰাজনীতিৰ অভিকেন্দ্ৰ হৈ পৰিছে৷
কিন্তু কথা এতিয়াও মিলা নাই৷ বিশেষকৈ উৰ্খাও গৗৰা বসুমতাৰী আৰু এবছুৰ প্ৰাক্তন সতীৰ্থৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিবলৈ ভয় কৰিছে প্ৰমোদে৷
গতিকে মনে মনে হাগ্ৰামাই বেলেগ এটা অংক কৰিছে৷ সেই অনুসৰি যদি UPPLৰ সৈতে BPFৰ একত্ৰীকৰণ হয়, তেন্তে হাগ্ৰামাই মিত্ৰতা কৰিব গণ সুৰক্ষা পাৰ্টীৰ সৈতে৷ ছালফা তথা প্ৰাক্তন সাংসদ নৱ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীৰ মিত্ৰদল হ’ব BPF৷
BTADৰ অবড়োৰ মাজত গণ সুৰক্ষা পাৰ্টীৰ গণভিত্তি থকাৰ বাবে এই সমীকৰণ আৰম্ভ কৰিছে হাগ্ৰামাই৷ তেওঁ বৰ্তমান পতিয়ন গৈছে- একালত BPFৰ অবিভাজিত বড়ো ভোটবেংকত এতিয়া সিন্ধি দিলে UPPLএ৷ গতিকে নিজৰ অস্তিত্ব বৰ্তাই ৰাখিবলৈ তলে তলে আন এটা অংক কৰি আছে হাগ্ৰামাই৷
গতিকে প্ৰমোদ বড়োৰ সৈতে অংক নিমিলিলে নৱ শৰণীয়াৰ বন্ধু হ’ব হাগ্ৰামা৷ যিজন নৱ শৰণীয়াই অবড়োৰ ভোটেৰে দুবাৰ লোকসভা নিৰ্বাচনত হাগ্ৰামাৰ প্ৰাৰ্থীক পৰাস্ত কৰিছে তেওঁকে পাতিব নতুন মিত্ৰ৷