বিজেপিৰ বিৰুদ্ধে একো নহয় ছাত্ৰ সন্থাই

আছুৱে এতিয়া বিজেপিৰ বিৰুদ্ধে আৰু প্ৰতিবাদ কৰিব নোৱাৰে৷ বিজেপিৰ বিৰোধিতাৰে মুৰ্দাবাদ বুলি চিঞৰিব নোৱাৰে আছু নেতৃত্বই৷ কাৰণ অসম আন্দোলনৰ পিছত এতিয়া চেকা লাগিল আছুত৷
তিৰাশীৰ অসম আন্দোলনত ছাত্ৰ সন্থাৰ মহিলা কৰ্মীসকলৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ৷ কাৰণ তেতিয়া অসমত নিয়োজিত সেনাই সকলো পুৰুষকে নিৰ্বিচাৰে আক্ৰমণ কৰিছিল৷ সেয়ে সকলো সভাতে মহিলাৰ অংশগ্ৰহণ আছিল অপৰিহাৰ্য৷ আছুনেতাৰ চিঠিও মহিলা কৰ্মীয়েই কঢ়িয়াইছিল৷ খোপাত ভৰাই চিঠি লৈ গৈছিল যুৱতীসকলে৷
কিন্তু অসম প্ৰদেশ বিজেপিত নাৰীকেন্দ্ৰিক বিতৰ্কৰ শেষ নাই৷ শেহতীয়াকৈ ইন্দ্ৰাণী তহবিলদাৰ নামৰ নেত্ৰীগৰাকীৰ মৃত্যুৰ পিছত বিজেপিত মহিলা সুৰক্ষিত নহয় বুলিয়েই প্ৰচাৰ চলিছিল৷ লগতে বাজপেয়ী ভৱনত সন্ধিয়া মহিলাৰ প্ৰৱেশ নিষিদ্ধকৰণৰ কথাও ভাবিছিল বিজেপি নেতৃত্বই৷
তেতিয়া বিজেপিক ইতিকিং কৰিছিল আছুৱে৷ কিন্তু এতিয়া আছুৱে প্ৰতিবাদ কৰাৰ অধিকাৰ হেৰুৱাই পেলালে৷ সংগঠনৰ সাধাৰণ সম্পাদকেই অভিযুক্ত হ’ল যৌন শোষণৰ দৰে অপৰাধত৷
লাভ, ছেক্স আৰু প্ৰতাৰণাৰ গোচৰৰ উত্তৰ দিবলৈ গৈ শংকৰজ্যোতি বৰুৱাই ছালে-বেৰে কোবোৱা উত্তৰ দিলে৷ ৰাজনৈতিক নেতাৰ দৰে আদালতৰ কথা দোহাৰিলে শংকৰজ্যোতিয়ে৷ কিন্তু তেওঁ সংগঠনটোক দায়মুক্ত কৰাৰ দাবীত পদত্যাগৰ কথা নাভাবিলে৷
গতিকে এতিয়া যৌন কেলেংকাৰিৰ গোচৰত আনক সমালোচনা কৰিব নোৱাৰিব আছুৱে৷ কাৰণ সংগঠনটোৰ বৰঘৰতে ওলাল কেলেংকাৰি৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email