বড়োভূমিত চলিছে বাঙালী ৰাজনীতি৷ সম্প্ৰতি কৌশলেৰে BTCৰ অবড়োক একত্ৰিত কৰিছে প্ৰমোদ বড়োৰ এজন ঘনিষ্ঠ নেতাই৷ তেওঁৰ নাম অৰূপ কুমাৰ দে’৷
বাঙালী নেতাজনক BTCৰ হিমন্ত বিশ্ব শৰ্মা বুলি অনুৰাগীয়ে অভিহিত কৰিছে৷ অসমৰ মুখ্যমন্ত্ৰীৰ দৰে কৰ্মতৎপৰ আৰু আক্ৰমণাত্মক ৰাজনীতি কৰে তেওঁ৷
বৰ্তমান প্ৰমোদ বড়োৰ পাৰিষদত অৰূপ দে’ কাৰ্যবাহী সদস্য পদত আছে৷ UPPLৰ মিত্ৰদল বিজেপিৰ নিৰ্বাচিত সদস্য হিচাপে অৰূপ দে’ BTC সচিবালয়ত লাহে লাহে হৈ পৰিছে নিৰ্ণায়ক শক্তি৷
আনহাতে পাৰিষদৰ মুৰব্বী হ’লেও অৰূপৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই প্ৰমোদ বড়োৰ৷ তেওঁ নিজাববীয়াকৈ BTCত তৈয়াৰ কৰিছে বিজেপিৰ ভেটী৷
বড়োভূমিৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্তাপিত হৈছে একাধিক অভিযোগ৷ কিন্তু একেই অগ্নিগৰ্ভা শৈলীৰে তেওঁ কৰি গৈছে ৰাজনীতি৷ সম্প্ৰতি বিজেপিৰ সদস্যভৰ্তি অভিযান অৰূপৰ তৎপৰতাতে কোকৰাঝাৰতে চলাই আছে বিজেপিয়ে৷ দিনটোত কেবাখনো সভাত অংশগ্ৰহণ কৰি তেওঁ শক্তিশালী কৰিছে সংগঠন৷
খবৰ অনুসৰি দিছপুৰৰ পৰা সেউজ সংকেত লাভ কৰিছে অৰূপে৷ সেয়ে তেওঁ চলাইছে বিজেপিৰ সাংগঠনিক অভিযান৷ বিগত সময়ত কেৱল BPFৰ সৈতে মিত্ৰতাৰ বাবেই BTCত ধূলিস্যাৎ হৈ গৈছিল কংগ্ৰেছৰ ভেটী৷
কিন্তু বিজেপিয়ে সেই ভুলটো কৰিব বিচৰা নাই৷ গতিকে আৰম্ভ কৰিছে বাঙালী ৰাজনীতি৷ সেই আগ্ৰাসী ৰাজনীতিৰ দূত হৈছে অৰূপ কুমাৰ দে’৷