৪ জুলাইৰ পৰা নৰেন্দ্ৰ মোদীৰ দিন বেয়া চলিছে৷ হয়, নিৰ্বাচনৰ ফলাফল ঘোষণাৰে পৰা দিন বেয়া চলি আছে মোদীৰ৷
এফালে RSSএ দলৰ সকলো নিয়ন্ত্ৰণ মোদীৰ পৰা কাঢ়ি নিবলৈ ধৰিছে৷ আনদিশে দুৰ্গতিৰ সীমা নোহোৱা হৈছে প্ৰধানমন্ত্ৰীৰ৷
এতিয়া আকৌ ওলাইছে মোদীয়ে নিৰ্মাণ কৰা ৩ হেজাৰ কোটিটকীয়া মূৰ্তিত ফাট মেলাৰ খবৰ৷ শেহতীয়া খবৰ অনুসৰি গুজৰাটত থকা লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ বিশাল প্ৰতিমূৰ্তিত কেবাটাও ফাট মেলিছে৷
নৰ্মদা নদীৰ পাৰৰ কেৱাড়িয়াত অৱস্থিত ষ্টেছু অৱ ইউনিটীত ফাট ধৰা পেলাইছে দৰ্শকে৷ তাৰ পিছতে সতৰ্ক হৈ পৰিছে চৰকাৰ৷ কিন্তু ফাট ৰোধ কৰিব নোৱাৰিলে ৩ হেজাৰ কোটিটকীয়া মূৰ্তিটো য়ে খহি পৰিব সেয়াও খাটাং৷
এই মূৰ্তি নিৰ্মাণত আকৌ খৰচ হৈছিল অসমৰো পইচা৷ কেন্দ্ৰীয় চৰকাৰৰ হেঁচাত পৰি অইল ইণ্ডিয়া লিমিটেডে ৫০ কোটি টকা মুকলি কৰি দিছিল৷
আনহাতে মহাৰাষ্ট্ৰত কেইমাহমান পূৰ্বে মোদীয়ে উন্মোচন কৰিছিল ছত্ৰপতি শিৱাজীৰ মূৰ্তি৷ কিন্তু ধুমুহা-বৰষুণত সেই মূৰ্তি বাগৰি পৰিল৷
ইতিমধ্যে খহি পৰিছে উজ্জয়িনীত ৬০৮ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা সপ্তঋষিৰ মূৰ্তি৷ সাতোজন ঋষিৰ মূৰ্তি সম্প্ৰতি বাগৰি পৰিছে৷
তদুপৰি ৰাম মন্দিৰতো পৰিছে পানী৷ ছাদ ফাটি মন্দিৰৰ ভিতৰলৈ পানী সোমাইছে৷ নৱনিৰ্মিত সংসদ ভৱনতো অনুৰুপ ঘটনাই সংঘটিত হৈছে৷
গতিকে দিন বেয়া চলিছে নৰেন্দ্ৰ মোদীৰ৷