দেশত গঠন হ’ব নতুন ৰাজ্য

কেবাখনো ৰাজ্যৰ অংগচ্ছেদ কৰিব কেন্দ্ৰীয় চৰকাৰে৷ শীঘ্ৰে দেশত বাঢ়িব ৰাজ্যৰ সংখ্যা৷ জনসমৰ্থন হেৰুওৱাৰ শংকাৰ সময়ত ৰাজ্যৰ অংগচ্ছেদ কৰিবলৈ সাজু হৈছে কেন্দ্ৰ৷
দীৰ্ঘদিনৰ পৰা চলি অহা নতুন ৰাজ্যৰ দাবী নিষ্পত্তি কৰিবলৈ গৃহ দপ্তৰে গোপনে সমীক্ষা চলাইছে৷ প্ৰথমে কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰিছে গোৰ্খালেণ্ডৰ কথা৷
দাৰ্জিলিঙকে ধৰি বৃহৎ এলেকা পশ্চিমবংগৰ পৰা কৰ্তন কৰি পৃথক গোৰ্খালেণ্ড গঠনৰ প্ৰস্তাৱত চৰকাৰ প্ৰায় চূড়ান্ত সিদ্ধান্তত উপনীত হৈছে৷ মমতা বেনাৰ্জীক এসেকা দিবলৈ সুভাষ ঘিচিঙৰ নেতৃত্বাধীন গোৰ্খালেণ্ড আন্দোলনৰ দাবী মানি ল’বলৈ সাজু হৈছে কেন্দ্ৰ৷
একেসময়তে উত্তৰ প্ৰদেশক বিভাজনৰো প্ৰস্তুতি চলাইছে গৃহ দপ্তৰে৷ অধিক জনসংখ্যা আৰু আয়তনৰ ৰাজ্যখন শাসনৰ সুবিধাৰ বাবে চাৰিটা ভাগত বিভক্ত কৰা দাবী বহুদিন পূৰ্বেই উত্থাপন হৈছিল৷ কিন্তু বিভাজনৰ দাবী দীৰ্ঘদিনে উত্থাপন কৰা নাছিল কোনো ৰাজনৈতিক দলে৷ বুণ্ডেলখণ্ড, অৱধ প্ৰদেশ, পূৰ্বাঞ্চল আৰু হৰিৎ প্ৰদেশ গঠনৰ বাবে উত্তৰ প্ৰদেশৰ বিধানসভাতো প্ৰস্তাৱ গৃহীত হৈ আছে৷
গতিকে ৰাজনৈতিক বাজী লগাই আকৌ উত্তৰ প্ৰদেশ বিভাজনৰ বাবে বিজেপিয়ে প্ৰস্তুতি চলাইছে৷
কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তুতিৰ সময়ত গৃহ দপ্তৰত উত্থাপিত হৈছে অসমৰ কথাও৷ গোৰ্খালেণ্ডৰ উপৰি পশ্চিমবংগকে আকৌ এবাৰ বিভাজিত কৰি কোচ-ৰাজবংশীৰ বাবে পৃথক ৰাজ্য গঠনৰ কথা পাতিছে গৃহ বিভাগৰ বিষয়াই৷ মন্ত্ৰীৰ নিৰ্দেশ অনুসৰি অসম আৰু বংগৰ কোচ-ৰাজবংশী অধ্যুষিত এলেকাত চলোৱা হৈছে সমীক্ষা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email