বহু ঘটনাই অসমত ঘটি আছে৷ কিন্তু কৰিশ্মা নাথেও পে-পে-পে-পে কৰি গায়েই আছে নাগাৰা নাম৷ মিঞা খেদাৰ পৰা আদি কৰি অসমত হৈ আছে অলেখ ঘটনা৷ কিন্তু কৰিশ্মা নাথ ভাগৰা নাই৷ নানা আন্দোলন আৰম্ভ হোৱাৰ পিছত শেষো হৈছে, কিন্তু একেই আছে কৰিশ্মা নাথৰ সুৰ৷
নাগাৰা নামৰ বাণিজ্যিকীকৰণ কৰি সফল হৈছে কৰিশ্মা নাথ৷ কিনিছে ইখনৰ পিছত সিখন গাড়ী৷ ফে’চবুকত প্ৰায়ে গাড়ী কিনাৰ খবৰ অনুৰাগীক দিছে কৰিশ্মাই৷
নাগাৰা নামৰ সুৰতে জুবিনৰ গীত গোৱাৰ পিছত কৰিশ্মা হৈ পৰিছিল ফে’চবুকৰ মিম মেটেৰিয়েল৷ কৰিশ্মাক ককৰ্থনা কৰি বহুতে বনাইছিল মিম৷
কিন্তু হাজাৰ সমালোচনাৰ পিছতো পথচ্যুত হোৱা নাই কৰিশ্মা নাথ৷ তেনেই কম বয়সতে আৰ্থিকভাৱেও কৰিশ্মা সবল হৈ পৰিছে৷ ডেৰলাখ টকাৰ বিনিময়ত নিশা নাগাৰা নামৰ অনুষ্ঠান কৰি কৰিশ্মাই কোৰোণাৰে চপাইছে ধন৷
গণেশ উৎসৱৰ উপলক্ষত গুৱাহাটীৰ গণেশগুৰিত অনুষ্ঠিত অনুষ্ঠানতো নাগাৰা নাম পৰিৱেশন কৰিলে৷ পৰিচিতি পে-পে-পে-পে-পে ৰাগ টানিয়েই গীত জুৰিলে কৰিশ্মাই৷ গণেশগুৰিত কৰিশ্মাক চাবলৈ জনসমুদ্ৰৰ সৃষ্টি হ’ল৷ বিৰ দি বাট নোপোৱা পৰিৱেশত নাগাৰা নাম পৰিৱেশন কৰিলে দৰঙী কন্যা কৰিশ্মাই৷
একেই শৈলীৰে নৃত্য কৰিয়েই কৰিশ্মাই ওৰেনিশা মোহাৱিষ্ট কৰি ৰাখিলে দৰ্শকক৷ কৰিশ্মাক চাবলৈয়েই দুখ-ভাগৰ পাহৰি গণেশগুৰিত সমৱেত হ’ল সমগ্ৰ গুৱাহাটীৰ বাসিন্দা৷