ঠিকাদাৰেও নাই পোৱা বিলৰ ধন

অসম চৰকাৰ দেউলীয়া হ’ল!
হয়, বিশ্বাস কৰিবলৈ টান যদিও অসম সম্প্ৰতি দেউলীয়া ৰাজ্য৷
চৰকাৰে মাহেকে পষেকে লোন লৈ হিতাধিকাৰীক ধন দিছে৷ বিভিন্ন আঁচনিৰ নামত মুঠিয়ে মুঠিয়ে ধন সিঁচিছে যদিও ৰাজভাণ্ডাৰ একেবাৰেই খালী হৈ পৰিছে৷
বহুত টকা জমা আছে বুলি সকলোৱে কৈ আছে, কিন্তু অভাৱৰ বাবে ঠিকাদাৰক কামৰ পইচাও চৰকাৰে দিব পৰা নাই৷
উচ্চস্তৰীয় সূত্ৰৰ জৰিয়তে আমি লাভ কৰা খবৰ অনুসৰি কাম সম্পন্ন কৰা ঠিকাদাৰকো চৰকাৰে বিলৰ ধন আদায় দিয়া নাই৷ ৰাজ্যৰ ঠিকাদাৰসকলে দিছপুৰত ইতিমধ্যে বিল দাখিল কৰিছে৷ কিন্তু কোনেও প্ৰাপ্য ধন লাভ কৰা নাই৷ সকলোৰে বিল জমা কৰি ৰাখিছে বিভাগসমূহে৷
এতিয়া ধন দিবলৈ ৰাজকোষ খালী বুলি ঠিকাদাৰক চৰকাৰে জনাই দিছে৷
আনহাতে দুমাহে চিলিঙো চৰকাৰে বন্ধ কৰি ৰাখিছে৷ অজন্তা নেওগৰ বিত্ত বিভাগে চিলিং বন্ধ কৰাৰ বিষয়ে জনাই দিছে ঠিকাদাৰক৷
গতিকে কোনো ঠিকাদাৰে পইচা পোৱা নাই৷ ফলত নতুনকৈ চৰকাৰে মুকলি কৰা নিবিদাৰ প্ৰতিও আগ্ৰহ কৰা নাই সৰু-সুৰা ঠিকাদাৰে৷
যিসকলে অধিক ধনেৰে ঠিকা আদায় কৰিব পাৰে তেওঁলোকেহে পাইছে কামৰ দায়িত্ব৷ চৰকাৰ দেউলীয়া হোৱাৰ ফলতে অসমৰ থলুৱা যুৱকে কৰিব নোৱাৰা হৈছে ঠিকা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email