লোকেল মাছৰ দাম বাঢ়িছে৷ মিঞা খেদা আন্দোলন ঠা্ণ্ডা হ’ল যদিও মাছৰ দাম নকমিল৷ শিৱসাগৰ আৰু ডিব্ৰুগড়ত বাঢ়ি গ’ল লোকেল মাছৰ দাম৷
উজনি অসম মিঞামুক্ত কৰিবলৈ আন্দোলন হোৱাৰ পিছত কিন্তু নগাঁৱৰ মাছ নহাসত্ত্বেও মাছৰ দাম বঢ়া নাছিল৷ কিছুদিনলৈ স্থানীয়ভাৱে উৎপাদিত মৎস্যই চাহিদা পূৰণ কৰিছিল৷
কিন্তু ক্ৰমে স্থানীয় পুখুৰীৰ মাছে বজাৰৰ চাহিদা পূৰণ কৰিব নোৱাৰা হ’ল৷ গতিকে বাঢ়ি গ’ল মাছৰ দাম৷ আন্দোলনৰ লাভ সৰ্বশেষত এটাই হ’ল- মিঞা মাছৰ দাম কেজিত প্ৰায় ডেৰশ টকাকৈ বৃদ্ধি হ’ল৷
কিছুদিন একেৰাহে বন্ধ হৈ থকাৰ পিছত বৰ্তমান পুনৰ নগাঁৱৰ পৰা মাছ আহিছে৷ মিঞা পালকে লুকুৱাই-চুৰিকৈ প্ৰেৰণ কৰিছে মাছ৷ কিন্তু সৰহীয়া পৰিমাণৰ মাছ নহাৰ ফলত দাম বৃদ্ধি হৈছে৷ ডিব্ৰুগড়ৰ কাটাতে মাছৰ পাইকাৰী দাম ১৭৫ টকা বৃদ্ধি হৈছে৷ শিৱসাগৰতো মিঞা মাছৰ দাম বাঢ়িছে কেজিত ১৫০ টকাপৰ্যন্ত৷
আন্দোলনৰ ফলত দাম বৃদ্ধিৰ পিছত কিন্তু বৰ্তমান হ্ৰাস পোৱাৰ সম্ভাৱনা নোহোৱা হৈছে৷ ব্যৱসায়ীয়ে প্ৰকাশ কৰা অনুসৰি লাহে লাহে নগাঁৱৰ পৰা মাছৰ সৰবৰাহ বাঢ়িছে৷
কিন্তু কিছুদিন স্থবিৰতাৰ ফলত হোৱা লোকচান দাম বঢ়াই পূৰণৰ চেষ্টা চলাইছে ব্যৱসায়ীয়ে৷ যাৰ বাবে বঢ়াই দিছে মাছৰ দাম৷