যতীন বৰালৈ বেয়াই লাগে…
অসমীয়া চিনেমাৰ একালৰ ছুপাৰষ্টাৰ যতীন বৰালৈ সঁচাকৈ বেয়া লাগে৷ য’তে যি কেলেংকাৰি নোলাওক, সকলোতে নামটো সাঙোৰ খাই পৰে যতীনৰ৷ মুঠতে কোনেও বিশ্বাস নকৰে যতীনক৷ আৱেগিক স্বভাৱটোৰ বাবেই যতীন হৈ পৰিল অবিশ্বাসৰ পাত্ৰ৷
অৱশ্যে যতীনক কোনেও বিশ্বাস নকৰাৰো কাৰণ আছে৷ যতীন বৰাৰ আছে অবিশ্বাসী ইতিহাস৷
অসমত প্ৰফুল্ল মহন্তৰ শাসনৰ দিনত যতীন আছিল ঘোৰ AGP৷ প্ৰফুল্ল মহন্তৰ ঘনিষ্ঠ বুলিয়েই জনাজাত আছিল তেওঁ৷ তেতিয়াই তেওঁ পাইছিল কেবাখনো মধুশালাৰ লাইচেন্স৷
তাৰ পিছতে কংগ্ৰেছ অহাৰ লগে লগে ৰকিবুলৰ ঘনিষ্ঠ হৈ পৰিল যতীন বৰা৷
তাৰ পিছত আকৌ তেতিয়াৰ বিজেপি নেত্ৰী মীৰা বৰঠাকুৰলৈ নাটকৰ ইণ্টাৰভেলতো ফোন কৰিছিল৷ সুধিছিল- বাইদেউ, মই কেতিয়া জইন কৰিম!
কাৰণ ইতিমধ্যে ভাল দিন আৰম্ভ হৈছিল বিজেপিৰ৷ কিন্তু CAAৰ সময়ত আৱেগিক হৈ বিজেপি ত্যাগ কৰি আকৌ ক্ষমাও খুজিলে যতীনে৷ শেষত ৰাঘৱ কৰি লোকচান ভৰিলে৷
এতিয়া আকৌ যতীনৰ নাম সাঙোৰ খাইছে চুমি বৰা কেলেংকাৰিত৷ চুমিৰ জৰিয়তে বিশাল ফুকনক ডাবল কৰি দিবলৈ যতীনেও পইচা দিছিল বুলি খবৰ ওলাইছে৷
থিয়েটাৰৰ দৰ্শকৰ ওপৰত বাইকৰ সৈতে লুটি খাই পৰাৰ পিছত যতীনৰ নাম সাঙোৰ খাইছে চুমি কেলেংকাৰিত৷ মুঠতে শান্তি নোহোৱা হৈছে যতীনৰ৷