বৰ গেছ হৈছে…
গাঁৱে-ভূঞে ইজনে সিজনক লগ পালে তেনেকৈয়ে কয়৷ মুঠতে প্ৰত্যেকেই গেষ্ট্ৰিকৰ সমস্যাত জৰ্জৰিত৷ গাঁও-নগৰ সকলো এলেকাৰে বাসিন্দাক পিত্তদোষৰ সমস্যাই জলা-কলা খুৱাইছে৷
সকলোৰে বুকুৰ ভিতৰত জ্বলা-পোৰা কৰিছে, সকলো হৈ পৰিছে অসুস্থ৷
পেণ্ট’প্ৰাজল, অমনিপ্ৰাজল অথবা ৰেজ’ডি নামৰ দৰৱ কেইবিধ অসমীয়াৰ ঘৰুৱা নাম হৈ পৰিছে৷ বজাৰৰ সাৰ দিয়া খাদ্য খাই সকলো গেষ্ট্ৰিকত আক্তান্ত হৈছে৷
দুৰ্গন্ধযুক্ত অধোবায়ুৰে বতাহ প্ৰদূষিত কৰিছে গেষ্ট্ৰিকত আক্ৰান্ত অসমীয়াই৷ আমি বিষয়টো সংক্ৰান্তত অসমৰ ১১৬৭ খন গাঁৱত চৰজমিন সমীক্ষা চলাইছিলোঁ৷ উক্ত অধ্যয়নৰ সময়ত আমি লাভ কৰা তথ্য অনুসৰি প্ৰতিখন গাঁৱৰে ৬৫ শতাংশ লোক গেষ্ট্ৰিকজনিত ৰোগত আক্ৰান্ত৷ ৪০ৰ দেওনা পাৰ হোৱাৰ পিছতে পেটৰ বিষ, অনিয়মিত শৌচ আদিয়ে ৰাইজক জুৰুলা কৰিছে৷
আনকি স্কুলীয়া কণমানিও গেষ্ট্ৰিকত আক্ৰান্ত হৈছে৷ কিন্তু যিসমূহ বিদ্যালয়ৰ সমীপত চিপছ, কুৰকুৰে আদি পোৱা দোকান নাই সেইসমূহৰ ছাত্ৰ এনে ৰোগৰ পৰা মুক্ত৷
যুৱপ্ৰজন্মৰ গুটখা খোৱাৰ অভ্যাসেও বঢ়াইছে গেষ্ট্ৰিকৰ সমস্যা৷ ভোক লাগিলে গুটখা খাই পেটৰ ক্ষুধা পূৰণৰ বদ অভ্যাসে কাললৈ অসুখীয়া কৰিছে যুৱকসকলক৷
তদুপৰি গেষ্ট্ৰিকৰ সমস্যা বৃদ্ধিৰ অন্যতম কাৰণ হৈছে উশৃংখল জীৱনশৈলী৷ খোৱাৰ কোনো সময় নথকাৰ পৰিপ্ৰেক্ষিতত অসুস্থ হৈ পৰিছে বিশেষকৈ পুৰুষসকল৷ নিশাৰ সাজ ১১ বজাত খাই পুৱা ৯ বজাত বিছনা ত্যাগ কৰাৰ অভ্যাসে জাতিটোকে ৰুগীয়া কৰিছে৷