আপোনালোকৰ বাৰু মনত আছেনে, ২০১২ চনত সাংবাদিক অতনু ভূঞাই ফে’চবুকত আহোম গাভৰুৰ বিষয়ে অশ্লীল প’ষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ তেতিয়া অসম তোলপাৰ লগাই দিছিল বিভিন্ন সংগঠনে৷ অতনু ভূঞাৰ ক্ষমাপ্ৰাৰ্থনাৰো দাবী উত্থাপন হৈছিল৷ কিন্তু সেই প’ষ্টটো নিজে কৰা নাছিল বুলিহে দাবী কৰিছিল অতুন ভূঞাই৷
তাৰ পিছত বহুদিন পাৰ হৈ গ’ল৷ তেতিয়াৰ ঘোৰশত্ৰুৰ সৈতে বন্ধু হ’ল ভূঞা৷ পিছে সেইসময়ৰ পৰাই অসমত ফে’চবুকৰ প্ৰসাৰ ঘটিল৷ অতুন কাণ্ডৰ আগলৈ গাঁৱে-ভূঞে বেছিভাগৰ বাবে ফে’চবুক অচিনাকী আছিল৷ কিন্তু ঘটনাৰ সময়ত সকলোৱে ফে’চবুকৰ কথা ইমান শুনিলে যে নামটো পৰিচিত হৈ পৰিল৷
এতিয়াও বিশাল ফুকন, চুমি বৰা আদিৰ লগতে সমানে প্ৰচাৰিত হৈছে ট্ৰেডিঙৰ কথা৷ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰি যে ধন উপাৰ্জন কৰিব পাৰি সেই কথাও প্ৰচাৰ হৈছে৷
বিগত সময়ত একাংশ লোক ট্ৰেডিঙৰ সৈতে জড়িত আছিল, কিন্তু বিষয়টোৱে বিশেষ প্ৰচাৰ লাভ কৰা নাছিল৷ কিন্তু এতিয়া চেলাউৰিৰ থ্ৰেডিঙৰ দৰেই প্ৰচাৰ চলিছে ট্ৰেডিঙৰ৷
এটা কথা কিন্তু খাটাং, শ্বেয়াৰ বজাৰ এনেকুৱা এটা টকাৰ কুৱা যে দেশৰ সকলো অভাৱেই পূৰণ কৰিব পাৰে৷ কিন্তু ট্ৰেডিঙৰ দৰে বিষয়ত সফলতাৰ বাবে অধ্যয়নৰ দৰকাৰ৷ অধ্যয়ন নথকাৰ ফলতে লোকচান ভৰে নতুন বিনিয়োগকাৰীয়ে৷
কিন্তু বিশাল ফুকন কাণ্ডই ট্ৰেডিঙক ইমানেই ঘৰুৱা শব্দ কৰি পেলাইছে যে কিছুদিনৰ ভিতৰত অসমত যে ই এক প্ৰচলিত বাণিজ্য হৈ পৰিব সেয়া অৱধাৰিত৷ লাহে লাহে ফে’চবুকৰ দৰেই চিনাকি নাম হৈ পৰব পাৰে ট্ৰেডিং৷