বহুদিন হ’ল, তুলিৰাম ৰংহাঙৰ দেখা-দেখি নাই৷ চুমি বৰাৰ দৰেই যেন হেৰাই গ’ল কাৰ্বি পাহাৰৰ অঘোষিত সম্ৰাট তুলিৰাম৷
যিজন তুলিৰাম উৰণ-চলন সকলো সময়তে হিমন্ত বিশ্ব শৰ্মাৰ পিছতে থিয় হৈ থাকে, সেইজন মানুহ হঠাতে অন্তৰ্ধান হ’ল৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ আগলৈ মুখ্যমন্ত্ৰীৰ ছাঁৰ দৰেই আছিল তুলিৰাম৷ কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছতে মুখ্যমন্ত্ৰীক তুলিৰামে পাট্টা নিদিয়া হ’ল৷
মুখ্যমন্ত্ৰীৰ দিল্লী যাত্ৰাৰ সময়তো বিমানৰ কাষৰ ছিটত বহিছিল কাৰ্বি পাহাৰৰ অঘোষিত সম্ৰাট তুলিৰাম৷ আনকি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যক্তিগত কাৰ্যসূচীতো তুলিৰামেই আছিল মূল মানুহ৷
ৰাজহুৱা সভাত হিমন্ত বিশ্ব শৰ্মাই ভাষণ দিয়াৰ সময়ত বগাকৈ মানুহজন কাষতে থিয় হৈ আছিল৷ দিল্লী-দিছপুৰ কথা নাই, সকলো ঠাইলৈয়েই মুখ্যমন্ত্ৰীৰ সৈতে গৈছিল তুলিৰাম৷
দায়িত্ব পাহৰি মুখ্যমন্ত্ৰীৰ পিছে পিছে ঘূৰি ফুৰা বুলি তুলিৰামক সেই সময়ত গৰিহণাও দিছিল বহুজনে৷ তথাপি কাকো কেয়াৰ কৰা নাছিল তুলিৰামে৷
ক্ৰমে দিছপুৰৰ ৰাজনীতিত প্ৰাসংগিক হৈ পৰিছিল তুলিৰাম৷ কিন্তু হঠাতে তেওঁ ত্যাগ কৰিলে মুখ্যমন্ত্ৰীৰ সংগ৷
আনকি তেওঁৰ কথা মতেই ডিফুৰো টিকট দিছিল মুখ্যমন্ত্ৰীয়ে৷ কাৰ্বি পাহাৰৰ স্বায়ত্ত পৰিষদৰ টিকট বিতৰণতো চলিছিল তেওঁৰে কথা৷
পাহাৰীয়া ৰাজনীতিত সততে যিকোনো নেতাৰ দলত্যাগ ডাঙৰ কথা নহয়৷ গতিকে প্ৰশ্ন হৈছে- তুলিৰামেও চিৰদিনলৈ এৰি দিব নেকি মুখ্যমন্ত্ৰীৰ সংগ?