কংগ্ৰেছ নেতাৰ বঁটাৰ বাবে লাখ টকা খৰচ

কথাবোৰ কোৱাৰ আগতে শেহতীয়া ঘটনা শুনি লওক,
নামনি অসমৰ এজন প্ৰাক্তন কংগ্ৰেছ সাংসদ বহুদিন নীৰৱ হৈ আছে৷ কিন্তু শেহতীয়াকৈ তেওঁৰ বঁটা গ্ৰহণৰ ইচ্ছা জাগি উঠিল৷ গতিকে হাতীগাঁৱৰ কেইজনমান যুৱকে গঠন কৰা সংঘৰ সৈতে যোগাযোগ কৰিলে৷
আলোচনাৰ পিছত সংঘটোৱে প্ৰাক্তন সাংসদক বঁটা দিবলৈ ওলাইছে৷ কিন্তু বঁটা আৰু অনুষ্ঠানৰ উপৰি খানাৰ খৰচো বহন কৰিছে প্ৰাক্তন সাংসদে৷
হলৰ ভাৰাৰ পৰা অতিথি আপ্যায়নপৰ্যন্ত সকলো খৰচ প্ৰাক্তন এম পিয়েই আদায় দিছে৷ গতিকে কাৰ্যসূচীৰ বাবে প্ৰস্তুত হৈছে হাতীগাঁৱৰ সেই সংঘটো৷ তেওঁলোকে শীঘ্ৰে বঁটা দিব প্ৰাক্তন সাংসদজনক৷
এতিয়া শুনক
কিছুদিন আগলৈ ২০ হাজাৰ টকা খৰচ কৰিলেই আম্বেদকাৰ বঁটা পোৱা গৈছিল৷ কিন্তু বৰ্তমান আম্বেদকাৰ বঁটাৰ দাম ৪৫ হাজাৰ টকালৈ বৃদ্ধি হৈছে৷ তদুপৰি পূৰ্বে বঁটা গ্ৰহণৰ সময়ত এখন অংগবস্ত্ৰ দিয়া হৈছিল৷ আজিকালি কেৱল মানপত্ৰ আৰু স্মাৰকহে দিয়া হয়৷
গ’ল্ডফ্লেক বেষ্ট চিটীজেন অৱ ইণ্ডিয়া বঁটাৰো দাম বৃদ্ধি হৈছে৷ অসমৰে গৗৰপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক মহিবুল হকে আগতেই পোৱা বঁটাটোৰ দাম আছিল ১০ হাজাৰ টকা৷ কিন্তু সম্প্ৰতি বেষ্ট চিটীজেন অৱ ইণ্ডিয়া বঁটা লাভ কৰিবলৈ ২৫ হাজাৰ টকা খৰচ কৰিব লাগে৷
দিল্লীৰে কোনো অখ্যাত প্ৰতিষ্ঠান বাবা চাহেব আম্বেদকাৰ দলিত সাহিত্য বঁটাও ধনৰ বিনিময়ত প্ৰদান কৰে৷ সেই বঁটাৰ দাম ৪০ হাজাৰ টকালৈ বৃদ্ধি হৈছে৷
তদুপৰি আগতে ভাৰত গৗৰৱ বঁটা ২৫ হাজাৰ টকাতে ক্ৰয় কৰিছিল অসমৰ কেবাজনো লোকে৷ কিন্তু ভাৰত গৗৰৱ বঁটাৰ দাম ৩৫ হাজাৰলৈ বৃদ্ধি হৈছে৷
কিন্তু ওপৰত আমি উল্লেখ কৰা বঁটাবোৰ ল’বলৈ হ’লে আপুনি মাত্ৰ নিৰ্দিষ্ট পৰিমাণৰ ধন খৰচ কৰিলেই নহ’ব৷ লগতে নিজৰ ধনেৰে দিল্লীলৈ গৈ হোটেলত থাকিব লাগিব৷ বঁটা লাভ কৰা বুলি কাকতত বিজ্ঞাপন দিয়াৰ খৰচো অতিৰিক্তভাৱে আদায় দিব লাগিব৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email