জয় আই অসম বুলি টেঁটুফালি চিঞৰিলে, কিন্তু কি পালে?
জাতীয় সংগঠনবোৰ আচলতে কি জানে? সেইবোৰ এতিয়া ছেফটী ভালভ!
গেছ বা তেল প্ৰকল্পত ডাঙৰ বিস্ফোৰণ নহ’বলৈ এটা সৰু বিন্ধা কৰা হয়৷ যিটো বিন্ধাৰে গেছ নিৰ্গমন ঘটি থকাৰ ফলত বিস্ফোৰণ নঘটে৷ এই বিন্ধাটোৰ নাম হৈছে ছেফটী ভালভ৷
অসমৰ জাতীয় সংগঠনো চৰকাৰৰ বাবে ছেফটী ভালভলৈ পৰিণত হৈছে৷
শিৱসাগৰৰ কেঞাক আঁঠু কঢ়োৱা জাতীয় সংগঠনে নিয়োজিত দায়িত্ব ঠিকেই কৰিলে৷ তাৰ পিছতে নিশ্চুপ হৈ গ’ল৷
কিন্তু এই ধাৰা এতিয়াৰে নহয়, অসম আন্দোলনৰ সময়তো আছিল৷
তিৰাশীৰ আন্দোলনৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ গোপন কটকী এজনক মহন্তই ওড়িষাত লগ ধৰা বুলি বাতৰি ওলাইছিল৷ সেই খবৰ কিন্তু নাকচ কৰিব পৰা নাছিল আন্দোলনৰ নেতৃত্বই৷
পৰৱৰ্তী সময়ত মহন্ত আৰু কেন্দ্ৰীয় চৰকাৰৰ দূতৰ মাজত গোপন আলোচনাৰ খবৰ বিস্তাৰিতভাৱে প্ৰকাশ হৈছিল৷ গতিকে বিষয়টো সন্দৰ্ভত এগৰাকী মহিলা সাংবাদিকে জবাবদিহি কৰিছিল আন্দোলনকাৰী নেতৃত্বক৷
ভৰত নৰহ, জয়নাথ শৰ্মা আৰু প্ৰফুল্ল মহন্তক তেওঁ বিশ্ববিদ্যালয়ৰ কেণ্টিনত সেই বিষয়ে প্ৰশ্ন সুধিছিল৷ তেতিয়াও কিন্তু কোনেও স্পষ্ট উত্তৰ নিদিলে৷ একমাত্ৰ ভৰত নৰহে ক’লে-
আমি নেতাবোৰ মাইকী মানুহৰ আঁচলৰ আঁৰত থাকোঁ!
গতিকে ওলাই পৰিল সকলো গোপত সত্য৷