চুমিৰ বেল্টডালৰ দাম কিমান?

প্ৰথমেই কওঁ, আমি কাকো ঠাট্টা কৰা নাই
কিন্তু এজন কণ্ট্ৰ’লৰ দোকানীয়ে কিমান লাভ কৰিব পাৰে যে তেওঁৰ কন্যাই উদয়পুৰত ডেষ্টিনেশ্যন ৱেডিং পাতিব পাৰে?
হয়, আমি চুমি বৰাৰ কথাই কৈছোঁ৷ ডিব্ৰুগড়ৰ জীয়ৰী চুমিৰ পৰিয়াল আছিল তেনেই সাধাৰণ৷ কিন্তু তেওঁলোকে সম্ভৱতঃ এবাৰ জীয়ৰীক নুসুধিলে- ক’ত পালে আল্লাদিনৰ চাকি!
হঠাতে সোণৰ খনিৰ সন্ধান পোৱা চুমিয়ে যিডাল বেল্ট পিন্ধে সেইডালৰ দাম ২৫,৫৫০ টকা৷ গুচ্চিৰ সবাতোকৈ উত্তম কোৱালিটীৰ বেগটো চুমিয়ে কান্ধত লৈ ফুৰে৷
প্ৰিমিয়াম কোৱালিটীৰ গুচ্চিৰ জি জি মাৰ্মণ্ট ব্লেক নামৰ বেগটোৰ ওজন প্ৰায় ১ কেজি৷ বেগটোৰ দাম আকৌ ৩ লাখ ৬২ হাজাৰ ৯৯৫ টকা৷
তেওঁ পিন্ধা ব্লেজাৰৰ দামো প্ৰায় ১ লাখ টকা৷ তদুপৰি বিশাল ফুকনৰ পৰা উপহাৰ পোৱাৰ সূত্ৰে ডেৰ কোটিটকীয়া নেকলেছ পৰিধান কৰে চুমিয়ে৷
কিন্তু কাহিনী ইয়াতে শেষ হোৱা নাই৷ এতিয়া অজলাৰ ভাও জুৰি গায়ক চাহাবে বিশালৰ কথা একোৱেই নাজানো বুলি দাবী কৰিছিল৷ কিন্তু তেওঁকে যে বিশালে ফৰ্ছুনাৰ গিফট দিছিল সেয়া সকলোৱে গম পাইছে৷
কিন্তু সম্প্ৰতি ফাদিল হৈছে তিনিচুকীয়াৰ পানীতোলাত বিশালে পাতি লোৱা ভনীয়েকৰ বাবে খোলা প্ৰসাধনৰ দোকানখনৰ কথা৷ লগতে ৰূপাইত তেওঁ কাৰ বাবে অট্টালিকা নিৰ্মাণ কৰিছিল সেয়াও ক্ৰমে প্ৰকাশ পাইছে৷
গতিকে শুনি থাকক৷ লাহে লাহে ফাদিল হ’ব বহু সত্য৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial