এতিয়াও চলি আছে ঠগবাজী

মই শুই থাকো, বহি থাকো…
নিৰ্বাচনৰ পূৰ্বে এইদৰেই কৈছিল বিজেপিৰ পৰাজিত প্ৰাৰ্থী সুৰেশ বৰাই৷ তেওঁ কৈছিল- দুৰ্নীতি কৰিবলৈ মোৰ কি দৰকাৰ! মই এনেয়েও ধনী৷
আচলতে সৰহসংখ্যক অসমীয়াক এইদৰেই ধন ঘটিবলৈ লাগে৷ কাম-বন একো নকৰে, কিন্তু একাউণ্টত পইচা চৌ-চৌৱাই সোমাই থাকিব!
শুই-বহি সময় পাৰ কৰিলেও ধনী হৈ গৈ থাকিব৷ এয়াই সপোন দেখে অসমৰ ৰাইজে৷ বহি খোৱা জাতিৰ বদনাম যে শুদ্ধ সেয়াই প্ৰমাণ কৰিছে অসমৰ ৰাইজে৷
বিগত কিছুদিনত ৰাজ্যত ইমানেই অৰ্থনৈতিক জালিয়াতি হৈছে যে আমি লিখি লিখিয়েই অতিষ্ঠ হৈছে৷ ভুৱা কোম্পানী সোমাই এগুণত দুগুণ দিয়াৰ ঘোষণাৰে পইচা লৈ গৈছে৷ কৰ’বাত অফিচ পাতিয়েই বহি লৈছে৷ ঢকুৱাখনাৰ পৰা পলাশবাৰীলৈ চলি আছে জালিয়াতি৷
বাৰম্বাৰ আমি ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰিছোঁ৷ কিন্তু বহি খোৱা জাতিয়ে এগুণ দিলে গুগুণ ধন পোৱাৰ আশাত পইচা ভৰিয়েই আছে৷
ঠিক সেই হেৰাফেৰি চিনেমাখনৰ অনুৰাধা চিট ফাণ্ডৰ দৰেই পঞ্জী ফাণ্ডে ৰাজ্য ছানি ধৰিছে৷ কিন্তু চাওতা কোনো নাই৷
ঠগ খোৱাৰ পিছত ৰাইজে হাহাকাৰ কৰিছে৷ কিন্তু তেতিয়ালৈ হৈ গৈছে বহুদেৰী৷
আমি নিশ্চিত, অনাগত সময়তো এনে ঘটনা ঘটিয়েই থাকিব৷ ঠগ খায়েই থাকিব বহি খোৱাৰ জাত অসমীয়াই৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email