পাতি লোৱা ভনীয়েক পুৰুষৰ বাবে বাঘৰ দৰে৷ পাতি লোৱা ভনীয়েকে পুৰুষক ধ্বংস কৰাৰ অলেখ প্ৰমাণ আছে৷
অসমৰে এজন বিখ্যাত সাংবাদিকৰ কথাই আমি উদাহৰণ হিচাপে ক’ব পাৰোঁ৷
এসময়ত আগশাৰীৰ কাকতৰো সম্পাদক আছিল সেইজন সাংবাদিক৷ তদুপৰি লেখক হিচাপে তেওঁ আছিল বিখ্যাত৷ কিন্তু হঠাতে তেওঁৰ সৈতে সম্পৰ্ক হ’ল এগৰাকী মহিলাৰ৷ কাকতৰে সহকৰ্মী হিচাপে পোৱা মহিলাগৰীক ভনীয়েক পাতি ল’লে বিখ্যাত সম্পাদকে৷
কিন্তু তাৰ পিছতে পতনৰ যাত্ৰা আৰম্ভ হ’ল সম্পাদকৰ৷ তেওঁ সকলো ঠাইলৈ লগতে লৈ ফুৰা হ’ল পাতি লোৱা ভনীয়েকক৷
আনকি নিজে কাম কৰা কাকতখনতো ভনীয়েকক বিশেষ পদত বহুৱাই ল’লে৷ কেইবছৰমান পূৰ্বে আকৌ এখন বিখ্যাত কাকতৰ সম্পাদক হোৱাৰো অফাৰ পালে তেওঁ৷
কিন্তু যোগদান কৰিব নোৱাৰিলে৷ কাৰণ নিজে সম্পাদক হ’লেও উচ্চ পদত পাতি লোৱা ভনীয়েকক চাকৰি প্ৰদান কৰিবলৈ তেওঁ চৰ্ত বান্ধি দিছিল৷ মালিকপক্ষই নামানিলে সাংবাদিকজনৰ সেই চৰ্ত৷
এবাৰ এজন ঠিকাদাৰ তথা কাকতৰ মালিকে কিন্তু কৈছিল- আপুনি বাঘৰ পিঠিত উঠিছে৷ কেতিয়াও নামিব নোৱাৰিব চাব!
কিন্তু নিজে পেপাৰ আৰম্ভ কৰিও সম্পাদকে পাতি লোৱা ভনীয়েকক দিছিল উচ্চ পদবী৷ মুঠতে অনবৰতে কাষত ৰখাৰ চেষ্টাৰে ভনীয়েকক লগতে লৈ ফুৰিছিল সম্পাদক মহোদয়ে৷
ফলত কেৰিয়াৰৰ অকালতে যৱনিকা পৰিল৷ ভনীয়েক থাকিল, চাকৰি নাথাকিল৷