স্বল্পবস্ত্ৰ পৰিধান কৰি শৰীৰৰ সকলো ভাজ প্ৰদৰ্শন কৰি ইমানদিনে চুমি বৰাৰ ইনষ্টাগ্ৰাম একাউণ্টত আছিল ৬ লাখ ৮৫ হাজাৰ ফল’ৱাৰ্ছ৷ উন্মুক্ত নাভিপ্ৰদেশ প্ৰদৰ্শন কৰি নৃত্য কৰা চুমি বৰাই কেবাটাও ভিডিঅ’ত পাইছিল মিলিয়ন ভিউজ৷ দেহৰ সামান্য অংগহে আবৃত কৰি জিম কৰাৰ ভিডিঅ’ও ইনষ্টাগ্ৰামত সদায়েই আপলোড কৰিছিল চুমিয়ে৷ ইনষ্টাগ্ৰামৰ হট কনটেণ্ট চুমিয়ে পাকে-প্ৰকাৰে ফল’ৱাৰ্ছক দেখুৱাইছিল উঠন বুকু৷ মাখনৰ দৰে কলাফুলৰ প্ৰদৰ্শনো আছিল চুমিৰ অভ্যাস৷
কিন্তু অনুৰাগীক উন্মনা কৰি তুলিবলৈ চুমি এতিয়া নাই৷ নাই মানে নায়েই৷
পিছে হেৰাই গ’ল কি হ’ল, চুমিৰ ইনষ্টাগ্ৰাম একাউণ্টত এৰাতিতে যোগ দিলে এহেজাৰ ফল’ৱাৰ্ছ৷ কালিপৰ্যন্ত তেওঁক ফল’ কৰা ৬ লাখ ৮৫ হেজাৰ লোকৰ তালিকাত আৰু এহেজাৰৰ সংযোজন ঘটিল৷
ভাল দিনত আকৌ বিদেশত জন্মদিন পাতি চুমিয়ে কৰিছিল উদ্দাম নৃত্য৷ প্ৰায়ে শৰীৰ মোহনীয় BMI প্ৰদৰ্শন কৰা চুমিৰ জন্মদিনৰ নৃত্যৰ ভিডিঅ’ও নতুনকৈ হৈ পৰিছে ইনষ্টাগ্ৰামৰ হট টপিক৷
মিলিয়ন ভিউজৰ আশাত মতলীয়া চুমিৰ ভৱিষ্যত হৈছে কাৰাগাৰৰ আন্ধাৰ কুঠৰী৷ দেহৰ সকলো অংগকে আন্দোলিত কৰি পখিলীৰ দৰে নাচি-বাগি ফুৰা নাচনীজনীয়ে এতিয়া নাচিবলৈ কিজানি পাহৰি গৈছে৷
পাতি লোৱা ভায়েকে ধনস্পৰ্শত কমনীয় হৈ পৰা চুমি জিমলৈয়ো যোৱা নাই৷ ফিটনেছৰ চিন্তা কৰিবলৈয়ো তেওঁ পাহৰি গৈছে৷ এতিয়া চুমিয়ে পাহৰি পেলাইছে বিলাসৰ কথা৷