মিঞাহীনতাত আক্ৰান্ত উজনি অসম

মিঞাহীনতাত ভুগিছে উজনি অসম৷ লাহে লাহে উজনিৰ সকলো কাম ৰৈ গৈছে৷ স্থবিৰতাৰ কাৰণ আন একো নহয়, একমাত্ৰ কাৰণ হৈছে মিঞা৷ উজনিৰ পৰা পলাই মিঞা নামনিলৈ গুচি গ’ল৷ পৰিণতিত ৰৈ গ’ল ইমানদিনে মিঞাই কৰি থকা কামবোৰ৷
ডিব্ৰুগড় আৰু শিৱসাগৰত সম্প্ৰতি বন্ধ হৈ পৰিছে স্ক্ৰেপৰ ব্যৱসায়৷ গাঁৱে-ভূঞে ঘূৰি মিঞাই সংগ্ৰহ কৰা ভঙা লোহা-টিঙেৰে চলি আছিল উজনিৰ স্ক্ৰেপ৷ কিন্তু এতিয়া ভঙা-ছিঙা গোটাবলৈ মিঞা নাই৷ সেয়ে স্ক্ৰেপৰ বেপাৰ প্ৰায় বন্ধ হৈ পৰিছে৷
উজনিত বিভিন্ন প্ৰতিষ্ঠানৰ পৰাও মিঞাই ভঙা-ছিঙা লোহা সংগ্ৰহ কৰিছিল৷ ঠেলাত গোটাইছিল সামগ্ৰী৷ সেইসমূহ তেওঁলোকে নি স্ক্ৰেপত জমা দিছিল৷ কিন্তু মিঞা নথকাৰ ফলত স্ক্ৰেপ বন্ধ হোৱাৰে উপক্ৰম হৈছে৷
সমান্তৰালভাৱে মদৰ খালী বটলৰ পৰা প্লাষ্টিকৰ আবৰ্জনালৈ চাফা কৰাৰ কামত নিয়োজিত হৈ আছিল মিঞা শ্ৰমিক৷ তেওঁলোকে সেইবোৰ নি কেজি হিচাপত উদ্যোগত বিক্ৰী কৰিছিল৷
মানুহৰ ঘৰে ঘৰে সোমায়ো কেজি হিচাপত কিনিছিল খালী বটল৷ ফলত চাফা হৈ আছিল ঘৰ৷ কিন্তু সংগঠনে মিঞা খেদোৱাৰ পিছত পৰিস্থিতি সলনি হৈ পৰিল৷ এতিয়া দম হৈছে আবৰ্জনাৰ৷ কাৰণ নাই মিঞা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email