মহাদেৱৰ দৰে পতি লাভ কৰিবলৈ সোমবাৰে লঘোণে থকাটো দৰকাৰীয়েই৷ কিন্তু বিশাল ফুকনৰ দৰে ভাতৃ পাবলৈ তাতকৈয়ো কঠোৰ সাধনা কৰাটো বেছি দৰকাৰী৷
এয়াই প্ৰমাণ কৰিছে সাম্প্ৰতিক ঘটনাৱলীয়ে৷
প্ৰায়ে গায়ক দীক্ষুৰ ঘৰলৈ গৈছিল চুমি বৰা৷ লগতে গৈছিল পাতি লোৱা ভায়েক বিশাল৷ সঘনাই গায়ক দীক্ষুৰ ঘৰতে দুয়ো পাৰ কৰিছিল নিশা৷ কিন্তু শেহতীয়াকৈ দুয়োৰে সঘন উপস্থিতিৰ বাবে অতিষ্ঠ হৈছিল দীক্ষুৰ মাতৃ৷ সেয়ে প্ৰায অপদস্থ কৰিছিল চুমি আৰু বিশালক৷
আনহাতে থিয়েটাৰৰ এজন নামজ্বলা অভিনেতাও দুয়োৰে পাকত পৰা বুলিও পুলিচে নিশ্চিত কৰিছে৷ বিশালৰ কালেকশ্যন এজেণ্ট হৈ থকা সুন্দৰী চুমিয়ে বিবাহৰ পিছতো স্বামীৰ ঘৰত থকা নাছিল৷
ভেটাপাৰাত থকা তাৰ্কিক বৰাৰ ফ্লেটৰ সলনি নুনমাটিতহে আছিল চুমি৷ খবৰ অনুসৰি নুনমাটিৰ ফ্লেটটোও বিশালেই উপহাৰ দিছিল চুমিক৷ এখন ফৰ্ছুনাৰো বিশালৰ পৰা উপহাৰ পাইছিল চুমিয়ে৷ সেইখনৰো সন্ধান আৰক্ষীয়ে পোৱা নাই৷
বিশালৰ টকাৰে ২৭ সংখ্যক জন্মদিন বিদেশত উদযাপন কৰিছিল চুমিয়ে৷ স্বল্পবস্ত্ৰ পিন্ধি সেইদিনা নৃত্য কৰিছিল চুমি বৰাই৷
আনন্দত আপোনপাহৰা হৈ চুমিয়ে সেইদিনা নাচিছিল৷ কিন্তু সেই চুমিৰে এতিয়া সন্ধান নাই৷ কালিপৰ্যন্ত ৰচকী হৈ ফুৰা চুমি এতিয়া হেৰাই গ’ল৷ পাতি লোৱা বায়েকৰ সংগ জিম্মাত নাপালে চুমিয়ে৷