মইনা কলিজা ওলাই আহা,
কিন্তু নাহে৷ মইনা কলিজা শিয়ালী হৈ গাঁতত সোমাল৷ মইনা কলিজা আমি ক’বৈ বিচাৰিছোঁ চুমি বৰাৰ কথা৷ অসমৰ প্ৰথম মহিলা কৰিঅ’গ্ৰাফাৰ বুলি ফোপজহী মৰা চুমি বৰা ক’ত আছে বহুতে নাজানে৷ কিন্তু চুমি বৰা নেপাললৈ পলোৱা নাই বুলিও নিশ্চিত কৰিছে আৰক্ষীয়ে৷
সূলভ মূল্যৰ সামগ্ৰীৰ দোকানী পিতৃৰ কন্যা চুমিয়ে অভিনয় কৰিছিল মইনা কলিজা নামৰ ৱেব ছিৰিজখনত৷ সেইখন আকৌ বিশাল ফুকনৰ ধনেৰে নিৰ্মাণ কৰিছিল আদিত্যম শইকীয়াই৷
তাৰ পিছত আদিত্যম শইকীয়াৰ পৰিচালনাতে ব্লেক আমব্ৰেলা নামৰ চিনেমাখনৰ শ্বুটিং আৰম্ভ কৰিছিল আদিত্যমে৷ সেইখনৰো নায়িকা আছিল বিশালৰ পাতি লোৱা বায়েক চুমি৷
বেংককত এগ্ৰিমেণ্ট হোৱাৰ পিছত ব্লেক আমব্ৰেলাৰ শ্বুটিং কৰি আছিল আদিত্যমে৷ কিন্তু কিছুদিন পূৰ্বে প্ৰযোজকে চিনেমাখন বন্ধ কৰাৰ কথা জনাই দিলে৷ ডেৰ কোটি টকা বাজেটৰ চিনেমাখন হঠাতে বন্ধ হৈ গ’ল৷
কিন্তু ৰ’ব, কাহিনীৰ এতিয়াই শেষ হোৱা নাই৷ বিশাল ফুকন আৰু চুমিয়ে এগৰাকী প্ৰাক্তন বিজেপি বিধায়িকাকো জালত পেলোৱাৰ খবৰ পাইছে আৰক্ষীয়ে৷ লগতে RSSৰ এগৰাকী নেতাৰো সংযোগ ইতিমধ্যে প্ৰমাণিত হৈছে৷
গতিকে পিকছাৰ অভি বাকী হ্যে…