চুমিৰ ককায়েক ৰাজীৱ বৰাও হৈছিল ডাইৰেক্টৰ

চুমিয়ে নিজেই সুবিধা লৈছিলেই, কিন্তু ঘৰৰ মানুহকো দিছিল পাপৰ ধনৰ ভাগ৷ পাতি লোৱা ভায়েক বিশালৰ ধনেৰেই সহোদৰ ককায়েকক চুমিয়ে খুলি দিছিল কোম্পানী৷
এতিয়া কাহিনীটো শুনক
ডিব্ৰুগড়ৰ এগৰাকী প্ৰতিষ্ঠিত চিকিৎসকৰ পৰামৰ্শমৰ্মে ছমাহ পূৰ্বে মুকলি কৰা হৈছিল এটা ঔষধৰ প্ৰতিষ্ঠান। যাৰ নাম হৈছে PERCELIA PHARMACEUTICAL PRIVATE LIMITED৷
এই প্ৰতিষ্ঠানটো আৰম্ভ কৰাত চিকিৎসকগৰাকীৰ সহযোগ আছিল৷ অভিযোগ অনুসৰি বিশাল ফুকন আৰু বৰ্তমান পলাতক চুমি বৰাৰ ককায়েক ৰাজীৱ বৰা হৈছে এই প্ৰতিষ্ঠানটোৰ সঞ্চালক।
৫ মাৰ্চত মুকলি কৰা প্ৰতিষ্ঠানটোৰ উদ্বোধনী অনুষ্ঠানৰ মঞ্চত উপস্থিত আছিল চুমি বৰা৷ তেওঁ অনুষ্ঠানটোৰ আঁত ধৰিছিল৷
সেই অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিজন লোকেই আছিল বিশালৰ ইনভেষ্টৰ৷
আনহাতে ডিব্ৰুগড়ত লুণ্ঠনৰ বিশাল সাম্ৰাজ্য পাতিছিল বিশাল ফুকনে৷ চহৰখনৰ কমেও ডেৰশ চিকিৎসকে অধিক লাভৰ সপোন লৈ ধন বিনিয়োগ কৰিছিল বিশালৰ সাম্ৰাজ্যত৷
ডিব্ৰুগড়ৰে তিনিজন চিকিৎসকে ৪০ লাখ বিশালক দিছিল৷ আচৰিত হ’লেও সত্য যে গুৱাহাটীৰ এজন চিকিৎসকে বিশালৰ হতুৱাই বিনিয়োগ কৰিছিল ১০০ কোটি টকা৷
তেওঁলোকে কিন্তু সম্প্ৰতি ধন বিচাৰিব পৰা নাই৷ কাৰণ বছৰি টেক্স ৰিটাৰ্ন ফাইলত কমকৈ উপাৰ্জন প্ৰদৰ্শন কৰাসকলে বিশালৰ জৰিয়তেহে অধিক ধন হিনিয়োগ কৰিছিল৷
গতিকে কথাটো একপ্ৰকাৰৰ পৰকীয়া প্ৰেমৰ দৰে হৈ আছে৷ ভুক্তভোগীয়ে খুলিও ক’ব পৰা নাই, কিন্তু কষ্টও ভুগিছে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email