BJPৰ অভ্যন্তৰত হাহাকাৰ লাগিছে৷ গুৰুত্ব নোপোৱা হোৱাৰ সময়তে বিজেপি ত্যাগ কৰিবলৈ ওলাইছে স্মৃতি ইৰানীয়ে৷ হঠাতে মন সলনি কৰি স্মৃতিয়ে নৰেন্দ্ৰ মোদীৰ সংগ ত্যাগৰ মনস্থ কৰিছে৷ আনকি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছতো যোগদানৰ সম্ভাৱনা প্ৰকাশ পাইছে৷আমেথি সমষ্টিত ৰাহুল গান্ধীকে পৰাস্ত কৰা স্মৃতি এইবাৰ পৰাস্ত হৈছিল৷ কিন্তু নিৰ্বাচনত হৰাৰ পিছতে দলৰ ভিতৰতো গুৰুত্বহীন হৈ পৰিছে স্মৃতি৷
ৰাজ্যসভাৰ পৰা জিকাই নি স্মৃতিক মন্ত্ৰিত্ব প্ৰদান কৰা হ’ব বুলি পূৰ্বে নৰেন্দ্ৰ মোদীয়ে টোপ দিছিল৷ কিন্তু এতিয়াও তেওঁক একো দিয়া নহ’ল৷ পূৰ্বৰ ছিৰিয়েলৰ অভিনেত্ৰীগৰাকীক মন্ত্ৰী নাপাতিলে মোদীয়ে৷
তদুপৰি দলৰো কোনো পদবী তেওঁক দিয়া নহ’ল৷ গতিকে বিতুষ্ট হৈ পৰিছে স্মৃতি৷
কিছুদিনৰ আগলৈ স্মৃতি আছিল ৰাহুল গান্ধীৰ কঠোৰ সমালোচক৷ কিন্তু হঠাতে তেওঁৰ কথাৰ সুৰ সলনি হৈছে৷ এতিয়া স্মৃতিয়ে ৰাহুলক প্ৰশংসা কৰিছে৷
শেহতীয়া এটা অনুষ্ঠানত ৰাহুলক ভাৰতীয় যুৱ প্ৰজন্মৰ নেতা বুলিও স্মৃতিয়ে স্বীকৃতি দিছে৷ হঠাতে তেওঁ কৈছে- ৰাজনীতি এতিয়া সলনি হৈছে৷ ধৰণ-কৰণ সলনি কৰি ৰাহুলে দেশৰ যুৱচামলৈ সঠিক বাৰ্তা প্ৰেণ কৰাত সক্ষম হৈছে৷
আনকি ৰাহুলে পৃথক ধাৰাৰ ৰাজনীতিক নেতৃত্ব দিয়া বুলিও প্ৰকাশ কৰিছে স্মৃতিয়ে৷ তেওঁক আকৰ্ষণ কৰিছে ৰাহুলৰ শেহতীয়া বেশ-ভূষাই৷ গতিকে প্ৰায় নিশ্চিত হৈছে স্মৃতিৰ কংগ্ৰেছত প্ৰৱেশ৷