মিত্ৰতা ভংগ কৰিলে মোদীৰ হনুমানে

NDA ত্যাগৰ সিদ্ধান্ত লৈছে চিৰাগ পাছোৱানে৷ অপমান সহি থকাতকৈ মিত্ৰতা ভংগ কৰাই শ্ৰেয় বুলি গণ্য কৰিছে বিহাৰী বাবুৱে৷
অৱশ্যে চিৰাগে আচম্বিতে মোদীৰ সংগ ত্যাগ কৰিবলৈ সিদ্ধান্ত লোৱাৰ আঁৰত আছে বহু কাহিনী৷
কিছুদিন আগলৈ চিৰাগ আছিল মোদীৰ হনুমান৷ বুকু ফালি দেখুৱালেও নৰেন্দ্ৰ মোদীৰে ছবি ওলাব বুলি দাবী কৰিছিল বিহাৰৰ যুৱনেতাজনে৷ কিন্তু চিৰাগে ৰামচন্দ্ৰ বুলি ভবা মোদীয়েই তলে তলে চিপৰাং মাৰিলে৷
পিতৃ ৰামবিলাস পাছোৱানৰ মৃত্যুৰ পিছত চিৰাগ পাছোৱানেই বহন কৰি আছে এল জে পি দলৰ নেতৃত্ব৷ এতিয়া লোকসভাত দলটোৰ আছে ৫ গৰাকী সাংসদ৷ তেওঁলোকৰ ভিতৰত চিৰাগ পাছোৱানে মন্ত্ৰিত্ব লাভ কৰিছে৷
কিন্তু অৱশিষ্ট ৪ জন সাংসদৰ স্থিতি বৰ্তমান হৈ পৰিছে থৰক-বৰক৷ খবৰ অনুসৰি তেওঁলোকক দলত্যাগ কৰিবলৈ বিজেপিয়ে হেঁচা দিছে৷ সাংসদসকলক বিজেপিত যোগ দিবলৈ দিয়া হৈছে প্ৰলোভন৷
চাৰিওজন সাংসদেই বিজেপি নামভৰ্তি কৰিবলৈ সৈমানো হৈছিল৷ কিন্তু এই চক্ৰান্ত প্ৰতিৰোধত সফল হ’ল চিৰাগ পাছোৱান৷ পিছে ভৱিষ্যতে আকৌ অনুৰূপ বিপদৰ চিন্তাৰ পৰা তেওঁ মুক্ত নহয়৷
সেয়ে আগতীয়াকৈ বিজেপি ত্যাগ কৰিবলৈ গুণা-গঁথা কৰিছে চিৰাগে৷ দলটো ৰক্ষাৰ স্বাৰ্থতে ৰামচন্দ্ৰ বুলি ভবা মোদীক ত্যাগ কৰিবলৈ ওলাইছে চিৰাগ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email