বৰষুণৰ বতৰত মনত পৰে MGVK ভানুলৈ

আগতে আছিল MGVK ভানু৷ কিন্তু এতিয়া ভানুৰ দৰে IAS অসমত নাই৷
আগেয়ে বাৰিষাৰ পূৰ্বে চলিছিল নলা চাফাইৰ কাম৷ ভানুৱে কেতিয়াবা চাফাইৰ কামৰ চৰজমিন তদন্তও কৰিছিল৷ কিন্তু এইবাৰ চলোৱা হ’ল ফ্লাইঅভাৰ নিৰ্মাণৰ কাম৷ ফলত প্ৰতিজাক বৰষুণতে উপচি পৰিল গুৱাহাটী৷
বান অৱশ্যেই গুৱাহাটীত এইবাৰেই প্ৰথম নহয়৷ প্ৰতিবছৰে গুৱাহাটী জলমগ্ন হয়৷ কিন্তু এইবাৰ প্ৰাবল্য পূৰ্বৰ তুলনাত বেছি৷ গুৱাহাটীয়ে এইবাৰ অনুভৱ কৰিছে MGVK ভানুৰ অভাৱ৷
পূৰ্বে ভৰলু আৰু আশে-পাশে থকা অঞ্চলৰ সকলো নৰ্দমা চাফা কৰাই চৰজমিন তদন্ত কৰাটো আছিল ভানুৰ অভ্যাস৷ IAS বিষয়াৰ ভেম এৰি তেওঁ চাই ফুৰিছিল কাম৷
তাৰ পিছতো পানী হৈছিল৷ কিন্তু ভানুৱে অতিৰিক্ত মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহৰ সময়ছোৱাত সাজু কৰি ৰাখিছিল সম্পূৰ্ণ ব্যৱস্থা৷ জল নিষ্কাষণৰো বন্দৱস্ত আগতীয়াকৈ কৰি ৰাখিছিল ভানুৱে৷
কিন্তু এইবাৰ ফিল্ড ভিজিট কৰি বান নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব পৰা IAS নাই৷ সকলোৱে কেবিনৰ পৰাই বান নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাইছে৷
গুৱাহাটীবাসীয়ে অনুভৱ কৰিছে ভানুৰ অভাৱ৷ এতিয়া দুৰ্যোগৰ পৰত গুৱাহাটীয়ে বিচাৰিছে MGVK ভানুক৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email