নতুন চাকৰিৰ শুভেচ্ছা নজনাব

বান্ধৱীয়ে নতুন চাকৰি পাইছে৷ গতিকে শুভেচ্ছা জনাবলৈ আপুনি ফোন কৰিলে৷
কিন্তু ফোন বাজি বাজি বন্ধ হৈ গ’ল৷ এভাৰ নহয়, কেবাবাৰো৷ কিন্তু ফোনটো বান্ধৱীয়ে ৰিচিভ নকৰিলে৷ নতুন চাকৰিৰ বাবে বান্ধৱীক শুভেচ্ছা জনাব নোৱাৰি আপোনাৰো দুখ লাগিল৷
কিন্তু বান্ধৱীয়ে ফোনটো ছাইলেণ্ট মুডত ৰাখিছে বুলি নাভাবিব৷ ১ লাখ নতুন চাকৰিৰ মাজতে চৰকাৰে সুমুৱাই দিয়া শিক্ষকসকলৰ অৱস্থাই এনেকুৱা যে তেওঁলোকে কাৰো শুভেচ্ছা গ্ৰহণ কৰিব নোৱাৰে৷
কাৰণ নতুন চাকৰিত জইন কৰাৰ পিছতে তেওঁলোকৰ দৰমহা কমেও ১৪ হাজাৰ টকা কমি গ’ল৷ আগতে ৪৩ হাজাৰ টকা দৰমহা পোৱা শিক্ষকৰ বেতন ২৯ হাজাৰলৈ কমিল৷
সম্ভেদ অনুসৰি, নিয়মীয়াকৰণৰ ফলত বেতন হ্ৰাসৰ প্ৰসংগত মুখ্যমন্ত্ৰী আৰু কেবাজনো মন্ত্ৰীৰ সৈতে শিক্ষকৰ প্ৰতিনিধিৰ বৈঠক হৈছিল৷ উক্ত সভাত নিষিদ্ধ কৰা হৈছিল মোবাইল৷ বৈঠকখনত দৰমহা কমিলে সন্মুখীন হ’ব পৰা সমস্যাৰ কথা কৈছিল শিক্ষকসকলে৷
কিন্তু মন্ত্ৰীৰ ভাবুকিৰহে সন্মুখীন হৈছিল তেওঁলোক৷ এজন মন্ত্ৰীয়ে আনকি কৈছিল- আপোনালোকৰ সপোন আছে, আমি কি কৰিব লাগে?
তাৰ পিছত বহুতে পালে নকল নতুন চাকৰি৷ ফলত তেওঁলোকৰ বেতন কমিল৷ কিন্তু ৰাজকোষে প্ৰতিমাহে ৪২ কোটি টকাৰ বোজাৰ পৰা ৰেহাই পালে৷ বছৰি চৰকাৰৰ ৰাহি হ’ল ৫৪০ কোটি টকা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email