গো-মাংস অত্যন্ত প্ৰিয় ৰণবীৰ কাপুৰৰ৷ বলীউডৰ সুদৰ্শন অভিনেতাজনে ইতিমধ্যে প্ৰকাশ কৰিছে গো-মাংসৰ প্ৰতি আসক্তি৷ হিন্দুধৰ্মীয় আন নীতি পালন কৰিলেও নি:সংকোচে গো-মাংস খাই বুলি স্বীকাৰ কৰিছিল ৰণবীৰে৷
গৰু মাংস প্ৰায়েই ভক্ষণ কৰা ৰণবীৰে অভিনয় কৰিছে নতুন চিনেমা ৰামায়ণত৷ হিন্দু মহাকাব্যৰ কাহিনীৰে নিৰ্মিত ৰামায়ণত ৰণবীৰ হৈছে নায়ক৷
কিন্তু গো-মাংস ভক্ষণ কৰা ৰণবীৰক ধৰ্মীয় আখ্যানৰ চিনেমাত নায়কৰ চৰিত্ৰ প্ৰদানৰ বাবে বিতৰ্কৰো সৃষ্টি হৈছে৷ হিন্দুত্ববাদীৰ প্ৰতিবাদৰ পিছত অথন্তৰৰ সন্মুখীন হৈছে ৰামায়ণৰ প্ৰযোজক৷
খবৰ অনুসৰি এপ্ৰিলৰ পৰা চলি থকা ৰামায়ণৰ শ্বুটিঙত মাজতে বাধাৰ সৃষ্টি হৈছিল৷ শেহতীয়াকৈ চিনেমাখনৰ প্ৰযোজকৰ মাজত মতানৈক্য হৈছিল৷ তাৰ পিছত কপিৰাইট সংক্ৰান্তীয় বিতৰ্কৰো সৃষ্টি হৈছিল৷ ফলত বন্ধ ৰাখিবলগীয়া হৈছিল ৰামায়ণৰ শ্বুটিং৷
প্ৰায় এহেজাৰ কোটিটকীয়া প্ৰকল্প হঠাতে স্থবিৰ হৈ পৰাত নিৰ্মাতা বিপাঙত পৰিছে৷ শ্বুটিং কৰিব নোৱাৰাৰ ফলত ৰামায়ণৰ নিৰ্মাণ ব্যয়ো বহুলাংশে বৃদ্ধি হৈছে৷ তদুপৰি অযথা বিলম্বৰ ফলত ৰামায়ণৰ মুক্তিৰ তাৰিখো পিছুৱাই গৈছে৷
এই সমস্যাৰ কথা প্ৰকাশ পোৱাৰ পিছত বহুতে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া৷ গো-মাংস ভক্ষণ কৰা ধৰ্মভ্ৰষ্ট ৰণবীৰৰ দৰে অভিনেতাৰ বাবেই চিনেমাখনৰ শ্বুটিং বন্ধ হোৱা বুলিও হিন্দুত্ববাদী সংগঠনে অভিহিত কৰিছে৷
কিন্তু ৰণবীৰে গো-মাংস ভক্ষণৰ প্ৰসংগত এতিয়াও কৰা নাই প্ৰতিক্ৰিয়া৷ ধৰ্মীয় নীতি আওকাণ কৰি গো-মাংসৰ ব্যঞ্জন খাই বুলিয়েই দাবী কৰি আহিছে অভিনেতাজনে৷