৮০% ধনেই যায় মিঞাৰ হাতলৈ

প্ৰশাসনৰ দায়িত্ব গ্ৰহণ কৰি মিঞাৰ সংখ্যা গণনা কৰিছে জাতীয়তাবাদী সংগঠনে৷ উজনিত কিমান মিঞা আছে, তাৰ হিচাপ কৰিছে তেওঁলোকে৷
সেইবোৰ বেলেগ কথা
কিন্তু উজনি অথবা মধ্য অসমত গঢ়ি উঠিছে মিঞা অৰ্থনীতি৷ অসমত এতিয়া চলি আছে মুছলমান অৰ্থনীতি৷
ইতিমধ্যে প্ৰায়বোৰ বৃহৎ ব্যৱসায় দখল কৰিছে মাৰোৱাৰীয়ে৷ একেদৰে মজলীয়া আৰু সৰু ব্যৱসায়ীৰ ৮৫ শতাংশ হৈছে মুছলমান যুৱক৷
ক্ষেত্ৰভিত্তিক সমীক্ষাৰ জৰিয়তে আমি এই ব্যাখ্যা আগবঢ়াইছোঁ৷ বৰ্তমান অনলাইনত সকললো সামগ্ৰী উপলব্ধ হোৱাৰ ফলত দোকানৰ বিক্ৰী কমিছে৷ সেয়ে পূৰ্বৰ বৃত্তি ত্যাগ কৰিছে মুছলমান যুৱকে৷ বৰ্তমান ৰাজ্যত চলি থকা বেটাৰী ৰিক্সাৰ ৮০ শতাংশৰে মালিক হৈছে মুছলমান৷
গতিকে বেটাৰী ৰিক্সা অৰ্থনীতি মুছলমানৰ হাততে আছে৷ মৎস্যপালনৰো ৬৫ শতাংশ মিঞা ব্যৱসায়ীয়ে কৰি আছে৷ ৰাজ্যত চলি থকা যাত্ৰীবাহী বাছৰ ৫০ শতাংশৰো বেছি মালিক হৈছে মুছলমান৷
গ্ৰামাঞ্চলত প্ৰতিবছৰে খেতিৰ সময়ত হাল বাবলৈ ট্ৰেক্টৰৰ দৰকাৰ হয়৷ এইসমূহৰো মালিক কোনো হিন্দু অসমীয়া নহয়৷ একেদৰে মৰণা মৰা মেচিনৰো ৯০ শতাংশৰে মালিক মিঞা যুৱক৷
পথাৰৰ পৰা গঞাৰ ঘৰলৈ মাটি কঢ়িয়াই থকা ট্ৰেক্টৰৰো বেছিভাগ চালক আৰু মালিকেই মিঞা৷ শাক-পাচলিৰ ব্যৱসায় ইতিমধ্যে মিঞা সম্প্ৰদায়ে দখল কৰিলে৷
গতিকে জাতীয়তাবাদীৰ দম্ভই কি কৰিব পাৰিব সেয়া প্ৰতিফলিত হৈছে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email