মৎস্য বিতৰ্কই অসমৰে ক্ষতি কৰিব

মিঞাৰ জহতে স্বাৱলম্বী হৈছে অসম৷ অপ্ৰিয় যদিও এয়াই সত্য৷ সম্প্ৰতি মিঞাৰ কৰ্মদক্ষতাৰ বাবেই অসমলৈ অন্ধ্ৰৰ মাছৰ সৰবৰাহ বন্ধ হৈছে৷
বিগত সময়ত অসমলৈ সদায়ে আহিছিল কমেও ১৫ ট্ৰাক চালানি মাছ৷ কিন্তু বৰ্তমান চালানি মাছৰ সৰবৰাহ প্ৰায় বন্ধ হৈছে৷ কিছুপৰিমাণে বাৰ্মিজ মাছ অসমলৈ আহিছে যদিও মৎস্য উৎপাদনত অসমত প্ৰায় আত্মনিৰ্ভৰশীল হৈছে৷
২০২১ চনত অসমত মাছৰ চাহিদা আছিল প্ৰায় ৪ লাখ মেট্ৰিকটন৷ সেইবাৰ অসমত উৎপাদিত হৈছিল প্ৰায় ৩.৯৩ লাখ মেট্ৰিকটন মাছ৷ একেদৰে ২০২৩ চনত ৪.৪৩ লাখ মেট্ৰিকটনলৈ মাছৰ চাহিদা বৃদ্ধি হৈছিল৷ বিগত বছৰতো অসমৰ চাহিদা ৰাজ্যৰ মাছেই পূৰণ কৰিছিল৷
আনহাতে যিমানেই তৰ্জন গৰ্জন কৰিলেও প্ৰাকৃতিক কাৰণতে উজনিত মাছৰ অধিক উৎপাদন সম্ভৱ নহয়৷ কিয়নো মাছৰ পোনা মেলাৰ দুমাহৰ পিছতে আৰম্ভ হয় শীতকাল৷ ঠাণ্ডাৰ দিনত স্বাভাৱিকতে মাছৰ বৃদ্ধি নহয়৷
কিন্তু নগাঁৱৰ পৰা নামনি অসমলৈ শীতৰ আগমন কিছু বিলম্বিত৷ তদুপৰি শীতৰ প্ৰকোপৰো পাৰ্থক্য আছে৷ সেইবাবে উজনিৰ তুলনাত মধ্য আৰু নামনি অসমত মাছৰ উৎপাদন প্ৰাকৃতিকভাৱেই বেছি৷
গতিকে সকলো দিশ বিবেচনা কৰি সম্প্ৰতি সামৰিবলৈ হ’ল বিবাদ৷ অন্যথা ক্ষতি অসমৰে হ’ব৷ আনহাতে সঠিক মাত্ৰাত ইউৰিয়া প্ৰয়োগ অবিহনে মৎস্যপালনত লাভো হৈ পৰিছে অসম্ভৱ৷ কাৰণ ইউৰিয়া পুখুৰীত প্ৰয়োগ কৰিলে গজি উঠা শেলাই মাছে অধিকহাৰত ভক্ষণ কৰে৷
যদি মাছ পালনৰ বৰ্তমানৰ ধাৰা অব্যাহত থাকে তেন্তে অসমে শীঘ্ৰে মৎস্য ৰপ্তানি কৰিব পাৰিব৷ কিন্তু বিতৰ্কই ক্ষতি কৰিব উদ্যোগটোৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email