কাৰ হৈ কাম কৰে জাতীয় সংগঠনে

গৌৰৱ গগৈক গণবিচ্ছিন্ন কৰাৰ পৰিকল্পনা চলিছে৷ নিৰ্বাচনত বলে নোৱাৰি গৌৰৱক জনতাৰ মাজত অপ্ৰিয় কৰি তুলিবলৈ পৰিকল্পিত প্ৰচাৰ চলোৱা হৈছে৷
অজ্ঞাত শক্তিৰ নিৰ্দেশত যোৰহাটৰ সাংসদজনৰ বিৰুদ্ধে চলিছে অপপ্ৰচাৰ৷ অসমৰ ৰাজনীতিত ক্ৰমে শক্তিশালী হৈ উঠাৰ সময়তে গৌৰৱক ধ্বংস কৰিবলৈ হাত উজান দিছে একাংশ স্বয়ম্ভু জাতীয়তাবাদীয়ে৷
এই পৰিকল্পনাৰ অংশ হিচাপে গৌৰৱক হুংকাৰ দিলে ১১ জাতীয়তাবাদী নেতাই৷ উজনিৰ মিঞা খেদা আন্দোলনৰ প্ৰসংগত কথা কৈ ১১ জনীয়া গেঙটোৱে ৪ ছেপ্টেম্বৰত শিৱসাগৰত অনুষ্ঠিতব্য গৌৰৱৰ সম্বৰ্ধনা সভাৰো বিৰোধিতা কৰিলে৷
প্ৰাপ্ত তথ্য অনুসৰি নিৰ্দিষ্ট দিনটোত গৌৰৱ গগৈক সম্বৰ্ধনা জনাবলৈ সভাৰ আয়োজন কৰা হৈছিল৷ কিন্তু এই সভাৰ বাবে শিৱসাগৰ জিলা কংগ্ৰেছছৰ ভূমিকাও সন্দেহৰ ঊৰ্ধ্বত নহয়৷ আনকি জিলা কংগ্ৰেছৰ শীৰ্ষ বিষয়ববীয়াই বিজেপিৰ আজ্ঞাবাহী হিচাপেই পৰিচিত৷
এনে সময়তে ১১টা সংগঠনৰ নেতাই সংবাদমেল সম্বোধন কৰি কংগ্ৰেছে খিলঞ্জীয়াৰ বিপক্ষে স্থিতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিলে৷ সংগঠনসমূহে ক্ষমাপ্ৰাৰ্থনা অবিহনে গৌৰৱৰ সম্বৰ্ধনা সভাত বাধা দিয়াৰো ঘোষণা কৰিলে৷
কিন্তু অসময়ত সংগঠনে কংগ্ৰেছৰ বিৰুদ্ধে মাত মতাৰ আছে অৰ্থ৷ বিশেষকৈ ১১টা সংগঠনে গৌৰৱক কিয় লক্ষ্য কৰি ল’লে তাৰ কাৰণ ফহিয়াই চালে বহু কথাই ওলাই পৰে৷
এতিয়া এটা কথা কিন্তু প্ৰমাণিত হৈছে- অসমৰ জাতীয় সংগঠনো হৈ পৰিছে অজ্ঞাত শক্তিৰ আজ্ঞাধাৰী ভৃত্য৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email