এইবাৰ টকাও গ’ল, ভাষাও গ’ল

মিঞা গ’ল, কিন্তু লগে লগে আহিল বিহাৰী৷ বিহাৰৰ পৰা শ্ৰমিক আনিছে ঠিকাদাৰে৷ অসমৰ অৰ্থনীতিত আন এক আঘাত৷ বিহাৰলৈ ধন পঠিওৱাৰ বাবে আহি গ’ল মজদুৰ৷ অসমৰ পইচা এতিয়া যাব বিহাৰলৈ৷ উজনিতে হেৰাই যাব নেকি অসমীয়া ভাষা? তিনিচুকীয়াৰ পিছত ডিব্ৰুগড়ো হেৰুৱাব অসমীয়াই৷ বিহাৰীয়ে দখল কৰিব ডিব্ৰুগড়-শিৱসাগৰ৷ মিঞা খেদা আন্দোলনৰ কৰুণ পৰিণতি৷ আকৌ আগ্ৰাসী হ’ব নেকি আলফা? আকৌ চলিব নেকি বিহাৰী খেদা আন্দোলন?

দাবী-ধমকি দি মিঞা খেদিলে, কিন্তু লগে লগে উজনি দখল কৰিলে বিহাৰী শ্ৰমিকে৷ খালী ঠাই পূৰণ কৰিবলৈ আহি গ’ল ভোজপুৰী ভাষা কোৱা বিহাৰী৷

এসময়ত আলফাই অসমত চলাইছিল বিহাৰী খেদা অভিযান৷ উজনি অসমৰ ইটাভাটা অথবা বিভিন্ন নিৰ্মাণখণ্ডত কৰ্মৰত বিহাৰৰ শ্ৰমিকক আলফাই হত্যাও কৰিছিল৷ বিহাৰী শ্ৰমিকসকলক লক্ষ্য কৰি লৈছিল আলফাই৷ তাৰ পিছতে অসমত সোমাইছিল সেনা৷ আলফাৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত অসমৰ জীয়ৰী-বোৱাৰীও সাৰি যোৱা নাছিল৷

কিন্তু সাম্প্ৰতিক ঘটনাৱলীয়ে স্পষ্ট কৰিছে, মিঞাৰ ঠাইত বিহাৰী বনুৱাৰ প্ৰৱেশৰ পিছত আকৌ অসমৰ পৰা ওলাই যাব বৃহৎ পৰিমাণৰ ধন৷ মিঞা শ্ৰমিকে উজনিৰ ভিন্ন ঠাইত কাম কৰি উপাৰ্জন কৰা ধন অসমতে খৰচ কৰিছিল৷ অৰ্থাৎ অসমৰ পইচাও অসমতে আছিল৷

কিন্তু বিহাৰী শ্ৰমিকে পেটৰ দায়ত অসমত কাম কৰিলেও পইচা খৰচ নকৰে৷ সময়ে সময়ে বিহাৰলৈয়েই প্ৰেৰণ কৰিব ধন৷ গতিকে মিঞা খেদা আন্দোলনৰ ফলত অসমৰ অৰ্থনীতি আন এটা আঘাতৰ সন্মুখীন হ’ল৷

পূৰ্বে অসমত শীতকালত পুখুৰী খন্দাৰ দৰে কামৰ বাবে আহিছিল বিহাৰৰ নুনীয়া৷ কিন্তু এতিয়া সেইবোৰ কাম জেচিবিয়ে কৰে৷ পিছে এতিয়া মাটি খন্দাৰ দৰে কামৰ বাবে বিহাৰী মজদুৰৰ হাজিৰা জেচিবিৰ খৰচতকৈ অধিক৷ গতিকে বিহাৰীয়ে কাম কৰিলে অসমৰ পৰা ওলাই যাব কোটিৰ ঘৰত টকা৷

উজনিত গেবাৰী খটা মিঞা শ্ৰমিকে হেনা-হুচাকৈ হ’লেও অসমীয়াই কৈছিল৷ মিজৰ মাজত পমুৱা ভাষাতে পাতিলেও অসমীয়াও কৈছিল মিঞা বনুৱাই৷ কিন্তু বিহাৰী শ্ৰমিকে মুঠেও অসমীয়া ক’বলৈ নাজানে৷ অসমৰ প্ৰতি সম্যক জ্ঞানো নাই বিহাৰী মজদুৰৰ৷

শ্ৰমৰ বাবে অসমলৈ আহি আহিয়েই বিহাৰীয়ে ক্ৰমে দখল কৰিছিল তিনিচুকীয়া৷ তাৰ পিছত শেহতীয়া আন্দোলনৰ ফলত ডিব্ৰুগড় আৰু শিৱসাগৰো সম্ভৱতঃ বিহাৰীয়ে দখল কৰিব৷ অসমীয়াৰ হাতৰ পৰা গুচি যাব দুয়োখন জিলা৷

বিহাৰীৰ অধিপত্য অধিক হ’লে আকৌ আগ্ৰাসী হ’ব আলফাৰ দৰে শক্তি৷ গতিকে পুনৰ সূচনা হ’ব পাৰে পূৰ্বৰ দৰে পৰিস্থিতিৰ৷ মুঠতে অসম পুনৰ ৰক্তাক্ত পৰিস্থিতিৰ দিশেই অগ্ৰসৰ হৈছে৷ ক’ব নাপায়- কিন্তু অসমৰ ভৱিষ্যৎ বৰ বেয়া৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email