ৰিপুণ বৰাই কৰিব নোৱাৰিলে ৰিপু দমন৷
লোভত পৰি এৰিলে দল৷
অসমত উচন হ’ল তৃণমূলৰ ভেটি৷
সমূহীয়া পদত্যাগৰ সিদ্ধান্ত কৰ্মীৰ৷
মমতা বেনাৰ্জীলৈ ৰিপুণৰ পত্ৰ৷
ৰিপুণ বৰাই বহুদিনৰে পৰাই ভাবি আছিল, কিন্তু পোৱা নাছিল গ্ৰীন ছিগনেল৷ শেষত গ্ৰীন ছিগনেল পাই ৰৈয়েই নাথাকিল ৰিপুণ বৰা৷ মমতা বেনাৰ্জীৰ ভতিজাকলৈ চিঠি লিখি তৃণমূল কংগ্ৰেছৰ সবাপতি পদ আৰু প্ৰাথমিক সদস্যপদো ত্যাগ কৰিলে তেওঁ৷
এসময়ৰ কংগ্ৰেছী ৰিপুণে ২০২২ চনত তৃণমূলত যোগ দি অৰম্ভ কৰিছিল নতুন ৰাজনৈতিক অধ্যায়৷ তেওঁ কংগ্ৰেছৰ পৰা লৈ গৈছিল অনুগত বাহিনী৷ পিছে কাম নাহিল৷ দলটোৰ বাঙালী চিন্তাধাৰা অসমত বিফল হ’ল৷
বৰাকৰ সুস্মিতা দেব সফফল হোৱাৰ পিছত তৃণমূলত তেৱোঁ গুৰুত্ব পাব বুলি ধাৰণা কৰিছিল বৰাই৷ কিন্তু নাপালে৷
তথাপি বৰাক মমতা বেনাৰ্জীয়ে দিছিল ধন৷ অসমত দল চলাবলৈ বৰাক দিয়া হৈছিল ব্যক্তিগত গাড়ী আৰু কাৰ্যালয়৷ পিছে কোনো সফলতা অবিহনে অসমত দল চলাই থাকিবলৈয়ো আগ্ৰহী নাছিল মমতা বেনাৰ্জী৷ সেয়ে কিছুদিন আগৰ পৰাই অসমত দলটো বন্ধ কৰিবলৈ আৰম্ভ কৰিছিল প্ৰস্তুতি৷
গতিকে শেষত ৰাজনীতিত নিপুণ ৰিপুণে সৰ্বশেষ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ তেওঁ তৃণমূল ত্যাগ কৰিলে৷ এইবাৰ আকৌ মমতা বেনাৰ্জীৰ সংগত্যাগ কৰিলে ৰিপুণে৷
খবৰ অনুসৰি তেওঁ পুৰণি ঘৰলৈ উভতি যাব৷ আকৌ ৰাজীৱ ভৱনতে সোমাব ৰিপুণ৷ অৱশ্যে আন এটা মহলে দিছে পৃথক খবৰো৷
আনহাতে অসমত প্ৰায় উচন হৈছে তৃণমূলৰ ভেটি৷ দলটোৰ যুৱ শাখাৰ সভাপতি মেহবুব আলিয়েও ত্যাগ কৰিছে পদ৷ গতিকে নিঃশেষ হৈছে অসম তৃণমূল৷