মিঞা গ’ল, বিহাৰী আহিল৷ আকৗ যেন ঘূৰি আহিছে আগৰ দিনবোৰ৷ উজনিৰ সংগঠনে যিমানে মিঞা খেদিছে, তাতকৈ দুগুণ পৰিমাণৰ বিহাৰী শ্ৰমিক অসমলৈ আহিছে৷ আধৰুৱা অট্টালিকা নিৰ্মাণ অথবা পথ সাজিবলৈ ঠিকাদাৰে সম্প্ৰতি আনিছে বিহাৰী মজদুৰ৷
উজনি অসমত চলি থকা চৰকাৰী প্ৰকল্পতে নিয়োজিত হৈ আছিল মিঞা শ্ৰমিক৷ একেদৰে বৃহৎ চৰকাৰী প্ৰকল্পতো ৰাজমিস্ত্ৰীৰ পৰা আদি কৰি সকলো কামেই কৰিছিল নামনিৰ পমুৱা মজদুৰে৷
কিন্তু ভাবুকিৰ পিছত প্ৰাণৰ ভয়ত শ্ৰমিকৰ পলায়নৰ ফলত ঠিকাদাৰৰ মহাবিপদ হৈছে৷ সেয়ে বিহাৰী শ্ৰমিক বিচাৰিছে ঠিকাদাৰে৷
কাম অধিক বিলম্বিত হ’লে নিৰ্মাণৰ খৰচ বৃদ্ধিৰ শংকাত তেওঁলোকে বিহাৰৰ শ্ৰমিকৰ চৰ্দাৰৰ সৈতে যোগাযোগ কৰিছে৷ কেবাজনো ঠিকাদাৰে প্ৰকাশ কৰা অনুসৰি নিজা খৰচত তেওঁলোকে ৰে’লযোগে আনিছে প্ৰায় ৩০০ মজদুৰক৷
বিহাৰী শ্ৰমিকৰ দুটা দল ৰে’লযোগে আহি উজনিত উপস্থিত হৈছে৷ তেওঁলোকে ইতিমধ্যে কামত ধৰিছে৷
বিগত সময়তো উজনি অসমৰ নিৰ্মাণখণ্ডৰ অধিকাংশ শ্ৰমিক আছিল বিহাৰী৷ কিন্তু আলফাৰ আতংকৰ পিছতে মিঞা শ্ৰমিকে অসম ত্যাগ কৰিছিল৷ তেতিয়াই খালী ঠাই পূৰণ কৰিছিল মিঞা মজদুৰে৷ পিছে এতিয়া শংকিত মিঞাই কৰ্মস্থলী ত্যাগ কৰাৰ পিছত আহিছে বিহাৰী৷
বিহাৰৰ চৰ্দাৰে দলে দলে শ্ৰমিকক অসমলৈ পঠিয়াই দিছে৷ আকৗ ভোজপুৰী ভাষাৰ কথা শুনিছে তিনিচুকীয়াৰ উপৰি ডিব্ৰুগড় আৰু যোৰহাটৰ ৰাইজে