মিঞা নহয়, অসমীয়াই অসমীয়াৰ শত্ৰু৷ এয়াই বাস্তৱ সত্য৷ বঙহেই মঙহ খাই বোলা কথাষাৰ অসমীয়াৰ লগতে প্ৰয়োজ্য হয়৷
অসমত কিছুদিনৰ পৰা চলি আছে মিঞাৰ পুখুৰীত উৎপাদিত মাছৰ আলোচনা৷ নগাঁৱৰ মাছ নাখাও বুলি ওফোন্দ পাতিছে উজনিৰ মানুহে৷
কিন্তু এই কিছুদিনৰ ভিতৰতে উজনিৰ কেবাটাও পুখুৰীত দুৰ্বৃত্তই ঢালিছে বিহ৷ সদায় উজনিত সংঘটিত হৈছে এনেধৰণৰ কাণ্ড৷
শেহতীয়াকৈ শিৱসাগৰৰ বানমুখ মটক গাঁৱৰ পুখুৰীত বিহ ঢালি দুৰ্বৃত্তই মাৰিলে ৪ লাখ টকাৰ মাছ৷ একেধৰণৰ ঘটনা বাৰম্বাৰ গোলাঘাট আৰু যোৰহাটতো সংঘটিত হৈছে৷
কিছুদিন পূৰ্বে যোৰহাটৰ পুখুৰীত বিহ ঢালি দুৰ্বৃত্তই মাছ নিঃশেষ কৰিছে৷ একেদৰে দেৰগাঁৱতো অনুৰুপ ঘটনাৰ তথ্য পোৱা গৈছে৷
খবৰ অনুসৰি ডিব্ৰুগড়ৰ গ্ৰামাঞ্চলতো ঘটিছে পুখুৰীত বিহ ঢলাৰ ঘটনা৷ নিশা দুৰ্বত্তই বিহ দিয়াৰ ফলত পুৱালৈ ওপঙি উঠিছে মাছ৷
এই ঘটনাত কোনো মিঞা জড়িত নাই৷ হিন্দু অসমীয়াৰ গাৱঁতে ঘটিছে এনেবোৰ ঘটনা৷ অসমীয়ায়েই ধ্বংস কৰিছে অসমীয়াক৷