ইনষ্টাগ্ৰামক মাজে সময়ে ইনষ্টাগৰম কৰি পেলাই জেৰিফা ৱাহিদে৷ আবেদনময়ী ফটো আপলোড কৰি বেবী ডল জেৰিফাই আন্দোলিত কৰে ৬৪ হাজাৰোধিক ফল’ৱাৰৰ হৃদয়৷ কমনীয় দেহবল্লৰীৰে জেৰিফাই উন্মনা ক্ষণিকতে কৰি পেলাই অগণন পুৰুষক৷ যথাৰ্থতে এপিলিং প’জ দিয়াত জেৰিফা পাৰ্গত৷
ইনষ্টাগ্ৰামত প্ৰায়ে ওলাই থাকে একালৰ ছুপাৰহিট চিনেমাৰ নায়িকা জেৰিফা৷ কিন্তু ৰিয়েল লাইফত বহুদিন নীৰৱে আছে অভিনেত্ৰীগৰাকী৷ ক’ত-কি কৰি আছে একো খবৰেই পোৱা নাই ৰাইজে৷
নায়ক, কাদম্বৰী আদি চিনেমাৰ ৰূপহী অভিনেত্ৰীগৰাকীয়ে ৰাজনীতিতো পদাৰ্পণ কৰিছিল৷ প্ৰথমে ৰাইজৰ দলত সোমাইছিল জেৰিফা৷ ২০২১ৰ বিধানসভা নিৰ্বাচনত অখিল গগৈয়ে দলগাঁও, সৰুক্ষেত্ৰী অথবা ভৱানীপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ জেৰিফাক প্ৰস্তাৱ দিছিল৷ কিন্তু নিৰ্বাচন খেলিবলৈ ভয় কৰিলে কমনীয়তাৰে ভৰপূৰ অভিনেত্ৰীগৰাকীয়ে৷
অৱশ্যে ৰাইজৰ দলত বেছিদিন নাথাকিলে জেৰিফা৷ তেওঁ যোগ দিলে অসম জাতীয় পৰিষদত৷ বিগত সময়ত লুৰীণজ্যোতিৰ সৈতে হেলিকপ্টাৰত উঠি দলীয় প্ৰচাৰো চলাইছিল জেৰিফাই৷
কিন্তু বৰ্তমান ৰাজনৈতিকভাৱে নীৰৱ হৈ পৰিছে তেওঁ৷ কোনো কথাতে মাত মতা নাই জেৰিফাই৷
কেৱল ছ’চিয়েল মিডিয়াৰ জৰিয়তেহে জেৰিফাৰ খবৰ পাইছে অনুৰাগীয়ে৷ কিন্তু সংসাৰৰ খবৰ এতিয়ালৈ দিয়াই নাই জেৰিফাই৷
পূৰ্বে অৱশ্যে এজন অভিনেতাৰ সৈতেই জেৰিফাৰ বিয়াৰ খবৰ ওলাইছিল৷ কিন্তু অজ্ঞাত কাৰণত বিয়াখন নহ’লগৈ৷ সম্ভৱ সেই দুখতে কাকো ভাল পাব নোৱাৰিলে জেৰিফাই৷
জাহ্নু বৰুৱাৰ বন্ধনৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰো লাভ কৰা অভিনেত্ৰীগৰাকী অৱশ্যে দলত এতিয়াও আছে৷ কিন্তু হৈ আছে নীৰৱ৷