হিতেশ্বৰ শইকীয়ায়ো কৈছিল মিঞাৰ কথা৷
বাহিৰত নহয়, সদনৰ মজিয়াতে কৈছিল হিতেশ্বৰ শইকীয়াই৷ শাসনৰ শেষ সময়ছোৱাত ভূতপূৰ্ব মুখ্যমন্ত্ৰী শইকীয়াই কৈছিল- অসমত ৩০ লাখ বাংলাদেশী আছে৷
সদনৰ মজিয়াত গৃহমন্ত্ৰী হিচাপে বক্তব্য দাঙি ধৰি তেওঁ স্পষ্টভাৱে কৈছিল- অসমলৈ অহৰহ বাংলাদেশী সোমাই আছে৷ কেবাখনো জিলা ইতিমধ্যে বাংলাদেশীয়ে দখল কৰিছে৷
কিন্তু মুখ্যমন্ত্ৰীৰ তেনে বক্তব্যৰ পিছত স্বাভাৱিকতে চৌদিশে হুৱাদুৱা লাগিল৷ নামনি অসমৰ কেবাখনো জিলাত একেদিনাই জ্বলিল শইকীয়াৰ জুমুঠি৷
আচলতে ১৯৯৩ চনৰ বিধানসভা অধিৱেশনত সেইদিনা খিলঞ্জীয়াৰ সমৰ্থন লাভৰ উদ্দেশ্যে বাংলাদেশী থকা বুলি স্বীকাৰ কৰিছিল হিতেশ্বৰ শইকীয়াই৷ কিন্তু তেওঁ ইতিমধ্যে হেৰুৱাইছিল অসমৰ থলুৱা নাগৰিকৰ সমৰ্থন৷
গতিকে ৰাজনৈতিকভাৱে মহা বিপদত পৰিছিল শইকীয়া৷ সমৰ্থিত সূত্ৰ তেতিয়া জনাইছিল৷ ভাষণৰ পিছদিনা দিল্লীৰ পৰা দেশৰ এটা প্ৰভাৱশালী মুছলমান সংগঠনৰ সভাপতিয়ে ফোন কৰিছিল মুখ্যমন্ত্ৰীলৈ৷ তেওঁ শইকীয়াক ভাবুকি দি কৈছিল- চাই থাকক, আপুনিয়েই অসমৰ অন্তিম হিন্দু মুখ্যমন্ত্ৰী হ’ব৷ আপোনাৰ পিছত কোনো হিন্দু মুখ্যমন্ত্ৰী হ’ব নোৱাৰিব!
এই ভাবুকিৰ পিছতে সুৰ সলনি হৈ গৈছিল শইকীয়াৰ৷ আগদিনা বাঘৰ দৰে ভাষণ দিয়া মুখ্যমন্ত্ৰীয়ে পিছদিনা সলনি কৰিছিল বক্তব্য৷
সাংবাদিকক তেওঁ কৈছিল- অসমত এজনো বাংলাদেশী নাই!
এনে বক্তব্যৰ পিছতো অসম শান্ত নহ’ল৷ এতিয়াও বাহাল থাকিল অনুৰূপ ৰাজনৈতিক যুঁজ৷