আধাতে ৰৈ গ’ল ফ্লাইঅভাৰ নিৰ্মাণ

কাম প্ৰায় বন্ধ হৈ গ’ল ফ্লাইঅভাৰৰ৷ যুদ্ধংদেহি গতিৰে সাজি থকা ফ্লাইঅভাৰৰ নিৰ্মাণ হঠাতে ৰৈ গ’ল৷ বছৰৰ শেষলৈ নিৰ্মাণ কৰিবলৈ ওলোৱা উৰণ সেতুৰ কাম কৰিব নোৱাৰা হ’ল ঠিকাদাৰে৷ খৰখেদাকৈ কাম শেষ কৰিবলৈ চৰকাৰে হেঁচা দিয়াৰ পিছতো হাত দাঙি দিলে ঠিকাদাৰে৷
কাৰণ উজনিত এতিয়া মিঞা নাই
ডিব্ৰুগড়ৰ পুৰণি ফ্লাইঅভাৰখন ভাঙি নতুনকৈ নিৰ্মাণৰ কাম কিছুদিন আগলৈ ক্ষিপ্ৰতাৰে আগবাঢ়িছিল৷ এইবছৰতে উৰণ সেতুখনৰ সকলো কাম শেষ কৰিব পৰা যাব বুলিও প্ৰকাশ কৰিছিল চৰকাৰে৷
কিন্তু জাতীয়তাবাদীৰ হুংকাৰৰ পিছতে উজনি এৰি পলাল মিঞা শ্ৰমিক৷ ডিব্ৰুগড়ৰ পৰা চিলাপথাৰলৈ গৈ ৰে’লযোগে নামনিলৈ গুচি গ’ল মিঞা মজদুৰ৷
হঠাতে শ্ৰমিকৰ দলে ডিব্ৰগড় ত্যাগ কৰাৰ ফলত ফ্লাইঅভাৰৰ কাম বন্ধ হৈ গ’ল৷ যদি শ্ৰমিকসকল উভতি নাহে তেন্তে ফ্লাইঅভাৰৰ নিৰ্মাণৰ কাম এবছৰ পিছুৱাই যাব৷
একেদৰে নিমাতিঘাটৰ পৰা মাজুলী সংযোগী দলঙৰ কামো প্ৰায় অচল হৈ পৰিছে৷ কিয়নো উক্ত প্ৰকল্পতো ৮৫ শতাংশ মিঞা শ্ৰমিক নিয়োজিত হৈ আছিল৷ কিন্তু জাতীয়তাবাদী সংগঠনে খেদি দিলে মিঞা মজদুৰক৷
যোৰহাটতো সম্প্ৰতি চলি আছিল পথ নিৰ্মাণৰ কাম৷ মিঞা শ্ৰমিকৰ বিৰুদ্ধে আন্দোলনৰ ফলত পথৰ কামো বন্ধ হৈ গ’ল৷
গুৱাহাটীতো তেনে পৰিস্থিতি নোহোৱাকৈ থকা নাই৷ GMCএ ভিন্ন অঞ্চলত পানীৰ পাইপ পোতাৰ কাম কমাবলগীয়া হৈছে৷ কাৰণ কাম কৰিবলৈ নাই মিঞা শ্ৰমিক৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email