খা, যিমান মন যায় সিমান খা

সুৰাৰ মহিমা সন্ন্যাসিনী তোক কি হ’ব বুজাই৷
দুৰ্ভাগিনী, তইতো এঢোকো পিয়েই পোৱা নাই…
এয়াই হৈছে সুৰাৰ মহিমা! যি নোখোৱাজনে বুজি নাপায়৷ গতিকে সুৰাৰ মহিমা বুজি পোৱাসকলক আমি জনাব বিচাৰিছোঁ
আজিৰ পৰা কমিল সুৰাৰ দাম৷
সকলো বস্তুৰে দাম বাঢ়িছে, কিন্তু চৰকাৰে কমাই দিছে মদৰ দাম৷ গতিকে চাওক, মদৰ কিমান বাহাদুৰি!
কাকতালীয়ভাৱে আকৗ সুৰাৰ দাম হ্ৰাসৰ দুদিনমানৰ আগেয়ে বাঢ়িছে গাখীৰৰ দাম৷ প্ৰতিলিটাৰ গাখীৰৰ দাম কমেও ৬৭ টকা কৰিছে গো-পালকে৷
কিন্তু গাখীৰ দাম বৃদ্ধিৰ ন্যায্যতা আছে৷ অসমত বৰ্তমান দৈনিক ২৯ লিটাৰ গাখীৰ উৎপাদন হয়৷ কিন্তু ৩ কোটিৰো অধিক লোকৰ বাবে সিমানখিনি গাখীৰেই পৰ্যাপ্ত নহয়৷ কমেও ৬০ লাখ লিটাৰ গাখীৰেহে অসমৰ দৈনন্দিন প্ৰয়োজনৰ জোৰা মাৰিব পাৰে৷
গতিকে অসমত এতিয়াও পূৰণ হোৱা নাই গাখীৰৰ নাটনি৷ ৰাজ্যত গাখীৰ উভৈনদী কৰিবলৈ প্ৰয়োজন হৈছে শ্বেত বিপ্লৱৰ৷ গুজৰাটত যেনেদৰে ভাৰ্গিজ কুৰিয়েনে শ্বেত বিপ্লৱৰ জৰিয়তে দুগ্ধ উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল, অসমতো তেনে এক পৰিকল্পনাৰে প্ৰয়োজন হৈছে৷
কিন্তু শ্বেত পিব্লৱৰ পৰিৱৰ্তে পৰিৱৰ্তে অসমত আৰম্ভ হৈছে গুলপীয়া বিপ্লৱ৷ গাখীৰৰ ঠাইত মদৰ প্ৰচল বৃদ্ধিৰ অৰ্থে চৰকাৰে কমায়েই দিছে দাম৷
সুৰাপায়ীক কৈছে- খা, এতিয়া যিমান মন যায় সিমান খা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email