গো-মাংসক লৈ বিবাদ শেষেই নহয়৷ গাহৰি মাংসতো আছে সাম্প্ৰদায়িকতাৰ গোন্ধ৷ এতিয়া ধৰ্ম বিয়পিল মাছলৈয়ো৷ নগাঁৱৰ মৎস্য হৈ পৰিল মিঞা মাছ৷ কিছুবছৰৰ আগতে কবিতাৰো শ্ৰেণী বিভাজন হ’ল৷ ওলাল মিঞা কবিতা৷
গতিকে এতিয়া অসমত একমাত্ৰ ধৰ্মনিৰপেক্ষ সামগ্ৰীবিধ হৈছে চিলিণ্ডাৰ৷ হয়, LPG চিলিণ্ডাৰেই প্ৰতিটো পৰিয়ালৰ পাকঘৰপৰ্যন্ত সোমাব পৰা একমাত্ৰ ছেকুলাৰ সামগ্ৰী৷
কোনোবাই গাহৰি ৰন্ধা চিলিণ্ডাৰত গেছ ভৰাই এজেন্সীয়ে বিক্ৰী কৰে মুছলমানৰ ঘৰক৷ গৰু মাংসৰ ৰন্ধনত ব্যৱহৃত LPG চিলিণ্ডাৰ আকৗ ৰিফুৱেল হৈ সোমাইগৈ হিন্দুৰ পাকঘৰত৷
গতিকে LPG চিলিণ্ডাৰেই এতিয়া ধৰ্মনিৰপেক্ষতাৰ প্ৰতীক৷
লাল চিলিণ্ডাৰটোৰ কোনো ধৰ্ম নাই, জাতিও নাই৷ জুবিনৰ ভাষাত- চিলিণ্ডাৰ কাঞ্চনজংঘাৰ দৰে মুক্ত৷
মাংসৰ পৰা মাছলৈ সকলোৰে ধৰ্মীয় বিভাজন হোৱাৰ সময়ত চিলিণ্ডাৰে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে আখলত সোমাই ফুৰিছে৷ গতিকে সাম্প্ৰদায়িকতাৰ বিষবাস্প বিয়পি ফুৰাৰ সময়ত চিলিণ্ডাৰকে দিব পাৰি সম্প্ৰীতি ৰক্ষাৰ দায়িত্ব৷
মুছলমানৰ ঘৰৰ পৰা হিন্দুৰ ঘৰলৈ সোমাই যাব পৰা আলহী চিলিণ্ডাৰটো নহ’লে বেছিভাগ পৰিয়ালতে আহাৰ নিসিজে৷ গতিকে কোনেও নকৰে চিলিণ্ডাৰৰ ধৰ্মীয় বিভাজন৷
এতিয়া এই চিলিণ্ডাৰৰে দাম কমাবলৈ ওলাইছে চৰকাৰ৷ ধৰ্মনিৰপেক্ষ LPG চিলিণ্ডাৰৰ দাম কমিলেও হিন্দু-মুছলমান সকলোৱে সকাহ পাব৷ বাঢ়িলে সকলোৱে দিব মূৰে-কঁপালে হাত৷