সিহঁতে আমাক হত্যা কৰে!
সিঁহতে মোৰ ভগ্নীক বলাৎকাৰ কৰে!
এই সিহঁতবোৰ কোন জানে? কবিতাত কবিয়ে উল্লেখ কৰা সিহঁত হৈছে অসমীয়া৷ স্পষ্টকৈ সিহঁত বুলি নিলিখিলেও মিঞা কবিতাত কবিয়ে ঘূৰাই-পকাই হত্যাকাৰী জাতি বুলিয়েই অভিহিত কৰি থৈছে৷
মাজতে কিছুদিন তাপ মাৰি আছিল, কিন্তু সুযোগ বুজি আকৌ অসমীয়াৰ বদনাম ৰটিবলৈ সাজু হৈছে মিঞা কবিতা গেং৷ বিশ্বৰ ওচৰত অসমীয়াক হত্যাকাৰী-বলাৎকাৰী সজাই কবিতা লিখিবলৈ বহিছে আঠুৱা তলৰ লাঠুৱা কবি৷
কিন্তু মিঞা কবিতা লিখি শ্ৰমজীৱী মিঞাক অসমীয়া বিদ্বেষী কৰা নেতাই ঠিকেই লাভ আদায় কৰিলে৷ একালত ছেকুলাৰৰ নামাৱলী মেৰিয়াই অৰাজনৈতিকভাৱে মিঞা সমাজক নেতৃত্ব দিবলৈ ওলোৱা আশ্ৰাফুল হুছেইন নামৰ অখ্যাত যুৱকজন একেকোবে হ’লগৈ AIUDFৰ নেতা৷ মিঞা কবিতা লিখিয়েই আশ্ৰাফুল চেঙা সমষ্টিৰ বিধায়ক হ’লগৈ৷
তাৰ পিছত এচামৰ উচটনিত আকৌ অসমীয়া বিদ্বেষৰ উগাৰ মাৰিবলৈ ল’লে কাজী নীল নামৰ মিঞা কবিতাৰ জনকে৷
কিন্তু এতিয়াও ভয়ংকৰ পৰিকল্পনাৰ সাজু হৈছে মিঞা কবিতা গেং৷ আনক দেখুৱাই ধৰ্মনিৰপেক্ষ গেঙটোৱে আকৌ ধৰাইছে জিভা৷
মিঞা গীতে অসমীয়াক অপমান কৰাৰ পিছত মিঞা কবিতা লিখিবলৈ সাজু হৈছে আশ্ৰাফুল আৰু কালি নীল৷ শীঘ্ৰে বজাৰত আকৌ মিঞা কবিতাৰ বিতৰ্কৰ সৃষ্টি কৰিবলৈ প্ৰস্তুত হৈছে মিঞা কবিতাৰ গেং৷
অসমীয়াক গণহত্যাকাৰী বুলি অভিহিত কৰিবলৈ সাজু হৈছে মিঞা কবি৷