ৰাজনীতিত মিঞা বা মুছলমানৰ কথা ক’লেই কংগ্ৰেছৰ কথাও ওলায়৷ অসমতো মুছলমান নাগৰিক কংগ্ৰেছৰ ছাবমৰা ভোটাৰ বুলিয়েই এসময়ত গণ্য কৰা হৈছিল৷
আগতে UMF আৰু AIUDFৰ জন্মৰ আগলৈ মুছলমান এলেকাত কংগ্ৰেছ প্ৰায় অপ্ৰতিদ্বন্দ্বীয়েই আছিল৷ কিন্তু কথাটো হৈছে, বিজেপি বা আন দলে কংগ্ৰেছৰ নীতিক মুছলমান তোষণ হিচাপে অভিহিত কৰে৷
কেবাটাও দলৰ মতে হিন্দুক অৱহেলা কৰি মুছলমানক সন্তুষ্ট কৰিবলৈ কংগ্ৰেছে চেষ্টা কৰে৷ নক’লেও হয়, ৮০ শতাংশ মুছলমান ভোটাৰে কংগ্ৰেছকে সমৰ্থনো কৰে৷
কিন্তু প্ৰশ্ন হয়, ইমানেই যদি মুছলমান তোষণ কংগ্ৰেছে কৰিছিলেই, তেন্তে সম্প্ৰদায়টোৰ কিয় উন্নতি নহ’ল? কংগ্ৰেছৰ ইমানখিনি সহায়ৰ বাবে ভাৰতত মুছলমানৰ অৱস্থা জয়জয় ময়ময় হৈ পৰিব লাগিছিল!
কিন্তু কিয় নহ’ল
এতিয়াও পমুৱা মুছলমান সমাজৰ ৮০ শতাংশ লোকে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে৷ ধুবুৰীত নদীৰ ইপাৰ সিপাৰ হ’বলৈ নাৱৰ গত্যন্তৰ নাই৷ মানকাচৰত এখন হাস্পতাল নাই৷
গতিকে ইমানদিনে তোষণ কৰি মুছলমানৰ কংগ্ৰেছে কি উন্নতি কৰিলে?
মিঞাক ভোট হিচাপে ব্যৱহাৰ কৰাৰ বাদে আন একোৱেই আচলতে নকৰিলে৷ ৭০ বছৰ ৰাজ্য শাসন কৰা দলটোৱে ধুবুৰীৰ গ্ৰামাঞ্চলত স্কুল পাতিব নোৱাৰিলে৷ দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিলে মিঞা সম্প্ৰদায়ক৷
তাৰ পিছতো ওলাইছে মিঞা তোষণৰ কথা৷ কিন্তু আচলতে কথাবোৰ কেনেকুৱা?