আচৰিত কথা, অতি আচৰিত৷
এতিয়া প্ৰদ্যুৎ বৰদলৈৰ কথাই ভাবক৷ এইবাৰ আচলতে নগাঁৱৰ টিকট বিচাৰি কংগ্ৰেছত হেতা-ওপৰাই লাগিছিল৷ সমষ্টি পুনঃনিৰ্ধাৰণৰ ফলত নগাঁৱত মিঞা ভোটাৰৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত তাতেই টিকট বিচাৰিছিল প্ৰতিজন কংগ্ৰেছীয়ে৷ শেষত গৌৰৱ গগৈ যোৰহাট আৰু ৰকিবুল ধুবুৰীলৈ গ’লেও প্ৰথমে বিচাৰিছিল নাঁৱৰ টিকট৷
শেষত মিঞাৰ একচেতিয়া সমৰ্থনেৰে আকৌ নগাঁৱৰ সাংসদ হৈছিল গহীন-গম্ভীৰ প্ৰদ্যুৎ৷ কিন্তু মিঞা খেদা আন্দোলনৰ সময়ত প্ৰদ্যুৎ নিবোকা চামোন হৈ আছে৷ কৰ্ণই নিজকে সুতপুত্ৰ বুলি নোকোৱাৰ দৰে মিঞাৰ ভোটেৰে জিকা বুলি ক’বলৈ লাজ পাইছে প্ৰদ্যুতে৷
একেদৰেই নিমখ হাৰামী কৰিছে ৰকিবুল হুছেইনে৷ চামগুৰিৰ পৰা গৈ ধুবুৰীত ১০ লাখ ভোটত জিকা ৰকিবুলক মূলতঃ সমৰ্থন কৰিছিল মিঞা ভোটাৰে৷
১৯ লক্ষাধিক মিঞাৰ একচেতিয়া সমৰ্থনৰ জৰিয়তে ৰকিবুল সংসদলৈ নিৰ্বাচিত হ’ল৷ পিছে সেই সমষ্টিৰে পমুৱা মিঞাই ৰাজ্যৰ আনপ্ৰান্তৰ পৰা খেদা খাইছে৷ তথাপি মুখৰ মাত নাই ৰকিবুলৰ৷
নাই যি নাই, এষাৰ কথাও কোৱা নাই মিঞাৰ ভোটেৰে জিকা দুই কংগ্ৰেছীয়ে৷ হস্তিনাপুৰৰ ৰাজসভাত বিদুৰৰ দৰেই নীৰৱ হৈ বহি আছে ৰকি আৰু প্ৰদ্যুৎ৷
মিঞাৰ ভোটেৰে জিকা বুলি ক’বলৈয়ো যেন দুয়ো লাজ পাইছে৷ গতিকে নীৰৱতাকে শ্ৰেয় বুলি ভাবি লৈছে দুয়ো সাংসদে৷