মাছৰো ধৰ্ম নিৰূপণ হ’ল অসমত

চিৰিয়াখানাৰ বাঘক গো-মাংস খুওৱাক লৈ এবাৰ হৈছিল আন্দোলন৷ তেতিয়া আন্দোলকাৰী নেতাই কৈছিল- চিৰিয়াখানাৰ হিন্দু বাঘ৷
এতিয়া আকৌ বাঘ নহয়, মাছৰ শ্ৰেণীবিভাজন হৈছে৷ সম্প্ৰতি ওলাইছে মিঞা মাছৰ কথা৷ উজনিলৈ মিঞা মাছ নপঠিয়াই বুলি দম্ভ কৰিও নিশ্চুপ হৈ গৈছে মৎস্যপালক৷
কিন্তু এতিয়াহে ওলাইছে গোমৰ ফাক৷ ওস্তাদি মাৰি অধিক ধন ভৰিবলগীয়া হৈছে মৎস্যপালকে৷ কাৰণ নগাঁৱৰ পৰা জখলাবন্ধা হৈ মাছৰ গাড়ী পঠিয়াব পৰা নাই মিঞা ব্যৱসায়ীয়ে৷
কিন্তু মাছ পঠিয়াইছে লখিমপুৰ হৈ৷ শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি পাৰ কৰি বগীবিলেৰে ডিব্ৰুগড়লৈ মাছ প্ৰেৰণ কৰা হৈছে৷ ডিব্ৰুগড়ৰ কাটাৰ পৰা শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটলৈ গৈছে মাছ৷
যোৱা চাৰিদিনে দীৰ্ঘ পথ অতিক্ৰমী গৈয়েই আছে নগাঁৱৰ মাছ৷ কিন্তু ফলত মৎস্য ব্যৱসায়ীয়ে ভৰিবলগীয়া হৈছে অধিক ধন৷ কাৰণ পূৰ্বৰ চুটি পথৰ পৰিৱৰ্তে এতিয়া দীঘলীয়া পথেৰে চলিছে মাছৰ গাড়ী৷
কিন্তু খবৰ পাই আজিৰ পৰা বগীবিলত খাপ পিটি আছে সংগঠনৰ সদস্য৷ নিশা মাছৰ গাড়ী ওভতাই পঠিওৱাৰ পৰিকল্পনা কৰিছে তেওঁলোকে৷
মিঞা মাছৰ উজনি প্ৰৱেশ বন্ধ কৰিবলৈ সম্প্ৰতি তৎপৰ হৈ পৰিছে আন্দোলনকাৰী৷ মিঞা মজদুৰৰ দৰে মিঞা মাছো উজনিত তেওঁলোকে নিষিদ্ধ কৰিছে৷
কিন্তু সংগঠনৰ ৰণচালিয়ে দিয়া নাই শুভ বাৰ্তা৷ এনে তৎপৰতাই ভাতৃঘাটী সংঘৰ্ষ সৃষ্টিৰহে বহন কৰিছে সংকেত৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email