বদৰুদ্দিন আজমল ২.০

আহি গ’ল, চাচা আহি গ’ল৷
ৰাজনীতিৰ ফিল্ডখন জুলাই মাহৰ চতুৰ্থ দিৱসৰ পৰা হৈ আছিল উকা৷ কিন্তু হঠাতে আহি বদৰুদ্দিনে মাৰিলে প্ৰচণ্ড খুন্দা৷
হেৰাই গ’ল বুলি ভাবি থকাসকলক আকৌ আজমলে জনাই দিলে- পিকছাৰ অভি বাকী হ্যে
নিৰ্বাচনত হাৰিয়েই ডুবাইলৈ উৰা মৰা আজমল যে ছিংৰাৰ ভিতৰৰ আলু সেয়া ৰাজনৈতিকভাৱে প্ৰায় প্ৰমাণিত হৈছে৷ কিন্তু ৰাজ্যত সাম্প্ৰদায়িক বিষবাস্প বিয়পাৰ সময়ত মামাৰ কাষত উপস্থিত হ’ল চাচা আজমল৷
ইছলামিক ৰাজনীতিৰে বিজেপিৰ বাবে হিন্দুত্ববাদৰ ক’ৰ্ট সাজি দিয়া আজমলে ইতিমধ্যে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে৷ দাবী কৰিলে অসমৰ মিঞাৰ নিৰাপত্তা৷
কিন্তু খেলখন ইমানতে শেষ হোৱা নাই৷ আচলতে জমি উঠিবলৈয়ো এতিয়াও বহুখিনি বাকী আছে৷ আমি লাভ কৰা খবৰ অনুসৰি অহা কিছুদিনলৈ অসমতে থাকিব আজমল৷ ধুবুৰীৰ উপৰি হোজাইতো তেওঁ চলাব ৰাজনৈতিক কাৰ্যক্ৰম৷
গতিকে অসুৰক্ষিত মিঞাৰ সুৰক্ষাৰ বাবে বিভিন্ন কথা ক’ব আজমলে৷ আকৌ পূৰ্বৰ বেপৰোৱা ষ্টাইলৰ কাঠমোল্লাৰ ৰাজনীতি আৰম্ভ কৰিব তেওঁ৷
মুঠতে আজমল আহি গ’ল
AIUDFৰ সকলো নেতাৰ মুখত আজমলে ইতিমধ্যে টেপ লগাই দিছে৷ সকলো কথা নিজে কোৱাৰ দায়িত্ব লৈছে চাচাই৷ ধুবুৰীত ১০ লাখ ভোটত হৰাৰ পিছতো আকৌ এঘড়ী যুঁজিবলৈ অসমত উপস্থিত হৈছে আজমল৷
তাহানি তৰুণ গগৈয়ে আজমলৰ নতুন বন্ধু বুলি অভিহিত কৰিছিল এজন নেতাক৷ অৱশ্যে এতিয়া বন্ধুত্ব পুৰণি হ’ল৷ গতিকে আকৌ পুৰণি ধৰণেৰেই চলিব ৰাজনীতি

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email