নীৰৱ বিপ্লৱেৰে স্বচ্ছল লখিমপুৰীয়া যুৱক

অসংখ্য বেয়া খবৰৰ মাজতে এটা ভাল খবৰ,
খবৰটো আহিছে লখিমপুৰৰ পৰা৷ বহিৰাগতৰ বিৰুদ্ধে আকৌ আন্দোলনৰ উকমুকনিৰ সময়ত লখিমপুৰীয়া ডেকাই অসমৰ যুৱচামক দিক প্ৰদৰ্শন কৰিছে৷ ৰাজ্যৰ আনপ্ৰান্তত বিহাৰী নাপিতৰ ভিৰৰ সময়ত লখিমপুত চুলি কটাৰ বৃত্তি দখল কৰিছে অসমীয়া যুৱকে৷
১০ বছৰৰ পৰা চিঞৰ-বাখৰ অবিহনে নীৰৱে আৰম্ভ হোৱা কৰ্ম আন্দোলনৰ সুফল লাভ কৰিছে লখিমপুৰীয়াই৷ অসমৰ আন প্ৰান্তৰ দৰে দশক পূৰ্বে লখিমপুৰত নাপিতৰ বৃত্তিত আধিপত্য আছিল বিহাৰী সম্প্ৰদায়ৰ৷
কিন্তু কৰ্মদক্ষতাৰ জৰিয়তে বিহাৰীৰ পৰা নাপিতৰ বৃত্তি কাঢ়ি আনিলে অসমীয়া যুৱকে৷ এতিয়া লখিমপুৰৰ ৯০ শতাংশ নাপিতেই হৈছে খিলঞ্জীয়া যুৱক৷ তেওঁলোকে চহৰে-নগৰে চেলুন খুলি জীৱিকা আৰ্জন কৰিছে৷
চুলি কটা বৃত্তিৰ জৰিয়তে স্বাৱলম্বী হোৱা খিলঞ্জীয়াই যাপন কৰিছে স্বচ্ছল জীৱন৷ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কমেও ২০০০ লোক সম্প্ৰতি উপকৃত হৈছে৷
লখিমপুৰৰ গ্ৰামাঞ্চলৰ যুৱকসকলে চুলি কটা বৃত্তিৰ জৰিয়তে দৈনিক আয় কৰিছে তিনিহেজাৰপৰ্যন্ত টকা৷ তেওঁলোকে গ্ৰাহকৰ দাড়ি-চুলি চিকুণাই দি আৰ্জন কৰিছে বুজন পৰিমাণৰ ধন৷
বিহাৰীৰ পৰা নাপিতৰ বৃত্তি কাঢ়ি আনিবলৈ কিন্তু কেতিয়াও আন্দোলন কৰা নাই লখিমপুৰৰ যুৱকে৷ তাৰ সলনি তেওঁলোকে নীৰৱে কৰ্ম কৰিয়েই লাভ কৰিছে সাফল্য৷
লখিমপুৰীয়া যুৱকৰ কাম হৈ পৰিছে অসমৰ বাবে আদৰ্শ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email