কথাটো শুনিবলৈ বেয়া,
কিন্তু কথাটো সঁচা৷ আচলতে ৰাজীৱ ভৱনৰ অধিপতিৰ আসনখনেই গণ্ডগোলীয়া৷ অৰ্থাৎ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদটো কাৰ্যতঃ অমংগলীয়া৷
আগৰ সময়ছোৱা বাদ দিলোঁ৷ কিন্তু অসম আন্দোলনৰ পিছত যিয়েই APCCৰ সভাপতি হৈছে তেওঁৰে ৰাজনৈতিক স্থায়িত্ব নোহোৱা হৈছে৷
কিন্তু সকলোৰে মাজতো সভাপতি হোৱাৰ পিছত উত্থান ঘটিছে দুজন আহোম নেতাৰ৷ APCCৰ সভাপতি হোৱাৰ লগতে মুখ্যমন্ত্ৰীও হৈছে হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈ৷ আনসকল কিন্তু থৰক বৰক হৈ পৰিছে৷
১৯৮৩ চনত অসম আন্দোলনৰ সমাপ্তিৰ সময়ত APCCৰ সভাপতি আছিল ধৰণীধৰ বসুমতাৰী৷ তেওঁক উগ্ৰবাদীয়ে গুলীয়াই হত্যা কৰিছিল৷
বসুমতাৰীৰ পিছত তৰুণ গগৈ আৰু গগৈৰ পিছত হিতেশ্বৰ শইকীয়া APCCৰ সভাপতি হ’ল৷ ১৯৯৩ চনত ৰাজীৱ ভৱনৰ অধিপতি হ’ল নকুল দাস৷ তেওঁৰ পিছত আকৌ হিতেশ্বৰ শইকীয়া সভাপতি হ’ল৷ শইকীয়াৰ পিছত পুনৰ তৰুণ গগৈ APCCৰ সভাপতি পদত বহিল৷
গগৈ মুখ্যমন্ত্ৰী হোৱাৰ পিছত সভাপতি হ’ল পৱন সিং ঘাটোৱাৰ৷ সভাপতি হোৱাৰ বছৰটোতে ঘাটোৱাৰ নিৰ্বাচনত হাৰি থাকিল৷ তাৰ পিছত এবাৰ জিকিলেও ঘাটোৱাৰৰ ৰাজনৈতিক জীৱন অস্থিৰ হৈ পৰিল৷
ঘাটোৱাৰৰ পিছত একেৰাহে ১০ বছৰ সভাপতি হৈ আছিল ভুবনেশ্বৰ কলিতা৷ তেওঁ আকৌ কংগ্ৰেছেই এৰি দিলে৷ বিজেপিত সোমাই এতিয়া হৈ আছে ৰাজ্যসভাৰ সাংসদ৷
অঞ্জন দত্তয়ো বিফল কাৰ্যকালৰ শেষত মৃত্যুবৰণ কৰিলে৷ ৰিপুণ বৰাই পদবীৰ ম্যাদ শেষ কৰিয়েই তৃণমূল কংগ্ৰেছত সোমাল৷ এতিয়া ভূপেন বৰাৰ অৱস্থাও হৈ পৰিছে থৰক বৰক৷
দলৰ বেছিভাগ বিধায়কে তেওঁৰ অপসাৰণ বিচাৰি দিল্লীলৈ চিঠি লিখিছে৷ গতিকে বৰাও চিকাৰ হৈছে ৰাজীৱ ভৱনৰ অমংগলৰ৷